নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ অফশ্ব’ৰ সম্ভাৱনাৰ পথ মুকলি কৰিবলৈ অইল-টোটেল এনার্জিচৰ চুক্তি

নতুন দিল্লীত অইল ইণ্ডিয়া লিমিটেড আৰু টোটেল এনার্জিচৰ মাজত যোৱা ১৯ নৱেম্বৰত এখন “প্রযুক্তি সেৱা চুক্তি” সম্পন্ন হৈ যায়। এই চুক্তিৰ উদ্দেশ্য হৈছে, ভাৰত চৰকাৰে নিৰ্দেশ দিয়া স্তৰীয় কূপসমূহকে ধৰি ভাৰতীয় পলসুৱা অৱবাহিকাৰ গভীৰ আৰু অতি গভীৰ পানীৰ অফশ্ব’ৰ সীমান্তত অন্বেষণ কাৰ্য্যকলাপৰ ক্ষেত্ৰত কৌশলগত সহযোগিতা শক্তিশালী কৰা।

উক্ত চুক্তি স্বাক্ষৰ অনুষ্ঠানত পেট্র’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয়ৰ সচিব পংকজ জৈনকে ধৰি অতিৰিক্ত সচিব প্রবীণ মাল খানুজা আৰু অইলৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক ড০ ৰঞ্জিত ৰথ উপস্থিত থাকে।

টোটেল এনার্জিচ গেছ এণ্ড পাৱাৰ প্ৰজেক্টচ ইণ্ডিয়া প্রাইভেট লিমিটেডৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক ড০ শংকৰণ ৰত্নম আৰু অইলৰ সঞ্চালক (অন্বেষণ আৰু বিকাশ) চাল’মা য়মডুয়ে অন্যান্য গণ্যমান্য ব্যক্তি তথা টোটেল এনার্জিচ আৰু অইলৰ জ্যেষ্ঠ বিষয়ববীয়াসকলৰ উপস্থিতিত উক্ত চুক্তিপত্রত স্বাক্ষৰ প্ৰদান কৰে।

উল্লেখ্য যে, এই চুক্তিয়ে অইলৰ বৰ্তমানৰ আৰু ভৱিষ্যতৰ অফশ্ব’ৰ পৰ্টফলিঅ’ত গভীৰ আৰু অতি গভীৰ পানীৰ অন্বেষণৰ মূল্য শৃংখলত টোটেল এনার্জিচৰ বিশ্বমানৰ বিশেষজ্ঞতাৰ লাভ উঠাবলৈ এক ফ্রেমৱৰ্ক প্ৰস্তুত কৰিছে।

ইয়াৰ ভিতৰত আন্দামান অৱবাহিকাৰ অগভীৰ অফশ্ব’ৰ ব্লকত গেছ অন্বেষণৰ বাবে চলি থকা মূল্যায়ন কাৰ্যসূচী, আৰু মহানদী আৰু কৃষ্ণ-গোদাবৰী অৱবাহিকাত অইলৰ অ’ এ এল পি-IX অতি গভীৰ পানীৰ ব্লকসমূহত অন্বেষণ কার্য্য আদি অন্তর্ভুক্ত।

লগতে চলি থকা অ’ এ এল পি X / ভৱিষ্যতৰ নিবিদা ৰাউণ্ডৰ অধীনত সুযোগৰ মূল্যায়ন কৰা আৰু অফশ্ব’ৰ কেটেগৰী-৷৷ আৰু ৷৷৷ অৱবাহিকাত ষ্ট্ৰেটিগ্রাফিক কূপ খনন পদক্ষেপৰ সময়ত সহায় প্ৰদান কৰাও অন্তর্ভুক্ত।

সম্ভাব্য হাইড্ৰ’কার্বন আৱিষ্কাৰৰ বাবে অফশ্ব’ৰ সীমান্তত অন্বেষণ অব্যাহত ৰখা আৰু ভাৰতৰ বাবে বহনক্ষম শক্তিৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ ক্ষেত্ৰত অইলৰ প্ৰতিশ্ৰুতিৰ দিশত এই কৌশলগত সহযোগিতাক এক উল্লেখযোগ্য মাইলৰ খুঁটি বুলি অইলৰ জনপৰিক্ৰমা বিভাগে জানিবলৈ দিছে।

নিয়মীয়া বাৰ্তা, দুলীয়াজান, ২১ নৱেম্বৰ

You might also like