থাইলেণ্ডৰ প্রধানমন্ত্রী শ্বিনাৱাট্টাক বহিষ্কাৰ : শত্রু দেশৰ নেতাৰে ফোনযোগে কথোপকথন
নিউজ ডেস্ক, ৩০ আগষ্ট : শত্রু দেশ কম্বোডিয়াৰ প্রাক্তন প্রধানমন্ত্রীৰ সৈতে ফোনত কথোপকথন ফাদিল হোৱাৰ পিছত প্রায় দুমাহ ধৰি নিলম্বিত হৈ থকা থাইলেণ্ডৰ প্রধানমন্ত্রী ফাথানা শ্বিনাৱাট্টাক আদালতে প্রধানমন্ত্রী পদৰ পৰা বর্খাস্ত কৰিছে৷
কম্বোডিয়াৰ প্রাক্তন ৰাজনৈতিক নেতা হুন সেনৰ সৈতে ফোনত বার্তালাপ কৰিছিল শ্বিনাৱাট্টাই৷ সেই অডিঅ’টো পোহৰলৈ অহাৰ পিছত বিতর্কই তীব্র ৰূপ ধাৰণ কৰিছিল৷ বিৰোধী দলসমূহে প্রধানমন্ত্রীৰ বিৰুদ্ধে সৰৱ হৈ পৰাৰ লগতে গোচৰো ৰুজু কৰিছিল৷ এই গোচৰৰ ভিত্তিতে জুন মাহত শ্বিনাৱাট্টাক নিলম্বন কৰিছিল৷ থাইলেণ্ডৰ আদালতৰ এখন ৯জনীয়া বিচাৰপীঠে প্রধানমন্ত্রীক দোষী সাব্যস্ত কৰে৷ ইয়াৰ পিছতে প্রধানমন্ত্রীগৰাকীক দায়িত্বৰ পৰা বর্খাস্ত কৰে৷
উল্লেখ্য যে ডাংৰেক পর্বতত অৱস্থিত প্রেভিহেয়াৰ শিৱ মন্দিৰক লৈ থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত কেইবাদশক ধৰি সংঘাত চলি আহিছে৷ এই মন্দিৰটো ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যক্ষেত্র হিচাপে চিহ্ণিত কৰা হৈছে৷ এই লৈ চলিত বর্ষৰ ফেব্রুৱাৰী মাহত দুয়োখন দেশৰ মাজত যুদ্ধও হৈছিল৷ য’ত এই যুদ্ধত সেনা আৰু অসামৰিক লোকৰ মৃত্যু হৈছিল৷ ইয়াৰ পাছতে জুন মাহত দুয়োগৰাকী প্রধানমন্ত্রীৰ মাজত হোৱা আলোচনাত সীমা বিবাদৰ কথাও উল্লেখ কৰিছিল৷ শ্বিনাৱাট্টাই আনকি নিজৰ দেশৰ সেনা বাহিনীক সমালোচনা কৰিছিল৷ প্রধানমন্ত্রী শ্বিনাৱাট্টাই হুন সেনক খুৰা বুলিও সম্বোধন কৰিছিল৷ এই অডিঅ’টো পোহৰলৈ অহাৰ পিছত বিতর্কৰ সূচনা হয়৷