নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছাত্ৰৰ পকেটৰ পৰা উদ্ধাৰ মাৰণাস্ত্ৰ, ফ্ৰণ্টিয়াৰ স্কুলত চাঞ্চল্য

ছাত্ৰৰ পকেটৰ পৰা উদ্ধাৰ হৈছে মাৰণাস্ত্ৰ। শ্ৰীভূমি জিলাৰ ফ্ৰণ্টিয়াৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত আজি দুপৰীয়া সংঘটিত হ’ল এটা চাঞ্চল্যকৰ ঘটনা। স্কুলৰ প্ৰথম বৰ্ষৰ এজন ছাত্ৰৰ পকেটৰ পৰা কৰ্তব্যৰত শিক্ষক এজন উদ্ধাৰ কৰিলে এটা মাৰণাস্ত্ৰ।

স্কুল শিক্ষকৰ মতে এয়া হস্তনিৰ্মিত দেশীয় পিষ্টল। ঘটনাটো প্ৰকাশত অহাত শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আতঙ্ক সৃষ্টি হয়।

স্কুল কৰ্তৃপক্ষই তৎক্ষণাৎ খবৰ দিয়ে কৰিমগঞ্জ থানাত। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ অস্ত্ৰটো জব্দ কৰে আৰু উক্ত ছাত্ৰজনক আটক কৰি থানালৈ লৈ যায়।

প্ৰাথমিক অনুসন্ধানত জানিব পৰা গৈছে, ছাত্ৰজন নাবালক। কিদৰে আৰু ক’ৰ পৰা তেওঁ এই মাৰণাস্ত্ৰ সংগ্ৰহ কৰিলে, সেয়া তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। স্কুল কৰ্তৃপক্ষৰ পৰা আনুষ্ঠানিকভাৱে গোচৰো ৰুজু কৰা হৈছে। ঘটনাটোৰ পিছত কোনো ডাঙৰ চক্ৰ আছে নে নাই, সেই বিষয়তো আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Niyomiya Barta Desk, 30 August

You might also like