নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুকুৰাৰ কণীৰ ভিতৰত ৰান্ধনীয়ে পালে মৃত সাপ

বিশেষ বাৰ্তা, ১০ জুন : পাকঘৰত ৰান্ধিবলৈ গৈছিল এগৰাকী মহিলাই৷ পুত্রৰ পছন্দৰ খাদ্য কণী ভাজিবলৈ লৈ চকু কপালত উঠিল মহিলাগৰাকীৰ৷ প্রয়োজনীয় সকলো যা–যোগাৰ কৰি কণী ভাঙি দিয়াৰ লগে লগে ইয়াৰ ভিতৰৰ পৰা ওলাই আহিল মৃত সাপৰ পোৱালি৷ এই আশ্চর্যজনক ঘটনাৰ সাক্ষী হ’ল পশ্চিমবংগৰ জামুৰিয়াৰ পাণ্ডৱেশ্বৰ থানাৰ দিহিপাৰাৰ মান্নান পৰিয়াল৷ শ্বেখ মান্নানৰ পত্নী মালা বিবিয়ে পুত্রৰ বাবে কণী ভাজিবলৈ গৈ এটা কণী ভাঙি দিয়াৰ পাছতে মৃত সাপৰ পোৱালি পোৱা বুলি দাবী কৰিছে৷ ইয়াকে লৈ পৰিয়াল আৰু স্থানীয়সকলৰ মাজত সৃষ্টি হৈছে চাঞ্চল্য৷ উল্লেখনীয় যে কুকুৰাৰ কণী বুলি বেপাৰীয়ে এয়া কেনেধৰণৰ কণী বিক্রী কৰিলে, তাক লৈ সৃষ্টি হৈছে কৌতূহল৷

You might also like