নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মধ্যপ্রাচ্যৰ সংকটৰ মাজতে আজি চীনলৈ ট্রাম্প

শুল্ক বোমা আৰু মধ্যপ্রাচ্যত চলি থকা সংঘাতৰ মাজতে আজি চীনত উপস্থিত হ’ব আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প৷

৯ বছৰৰ ভিতৰত মার্কিন ৰাষ্ট্রপতিৰ এয়া দ্বিতীয় চীন ভ্রমণ৷ বিগত বর্ষত ৰাছিয়াৰ পৰা তেল ক্রয় কৰাৰ বাবদ চীনৰ ওপৰত অত্যধিক শুল্ক জাপি দিয়া ট্রাম্পে দুয়োখন দেশৰ মাজত সম্পর্ক উন্নত কৰাৰ প্রচেষ্টা গ্রহণ কৰিছে৷

এই ভ্রমণকালত দুয়োখন শক্তিধৰ ৰাষ্ট্রৰ মুৰব্বীয়ে পশ্চিম এছিয়াৰ সংকট, ইৰানৰ পাৰমাণৱিক কার্যসূচী আৰু বিশ্ব শক্তি নিৰাপত্তাৰ কেন্দ্রবিন্দু হৈ থকা কৌশলগত হৰমুজ প্রণালীৰ সন্দর্ভতো বিস্তৃত আলোচনাৰ সম্ভাৱনা আছে৷

বাণিজ্যিক সম্পর্ক উন্নত কৰাৰ লক্ষ্যৰে ট্রাম্পে বিশ্বৰ আগশাৰীৰ উদ্যোগপতি এলন মাস্ক আৰু এপল’ৰ মুৰব্বী টিম কুককো চীন ভ্রমণলৈ লৈ যাব৷ যুদ্ধৰ মাজতে ট্রাম্প আৰু ঝি জিনপিঙৰ বৈঠকে বিশ্বৰ দৃষ্টি আকর্ষণ কৰিছে৷

ডিজিটেল ডেস্ক, ১৩ মে’

You might also like