নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীত ভয়ংকৰ অগ্নিকাণ্ড : চিলিণ্ডাৰ বিস্ফোৰণত মহিলাৰ মৃত্যু

নলবাৰী চহৰৰ কাজিপাৰা-মাষ্টৰ চুবুৰিত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ড আৰু চিলিণ্ডাৰ বিস্ফোৰণৰ ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘটনাত এগৰাকী মহিলাৰ কৰুণ মৃত্যু ঘটে।

মৃত মহিলাগৰাকীৰ নাম সুৱলা দাস (৫৫) বুলি জানিব পৰা গৈছে। তেওঁ পোষ্ট অফিচ চকত নিশাৰ সময়ত চাহৰ দোকান দি পৰিয়াল পোহপাল দিছিল বুলি স্থানীয় লোকে জানিবলৈ দিয়ে।

প্ৰাথমিক তথ্য অনুসৰি, প্ৰথমে ঘৰৰ ভিতৰত শ্বৰ্ট চাৰ্কিটৰ সৃষ্টি হয়। তাৰ পিছতেই অগ্নিকাণ্ড সংঘটিত হৈ এটা গেছ চিলিণ্ডাৰ বিস্ফোৰণ ঘটে। বিস্ফোৰণৰ ফলত ঘৰৰ ভিতৰত থকা সুৱলা দাসৰ শৰীৰৰ বৃহৎ অংশ জুইত ভস্মীভূত হয়।

স্থানীয় ৰাইজে অগ্নিকাণ্ড লক্ষ্য কৰি উদ্ধাৰৰ চেষ্টা চলায় যদিও ঘটনাস্থলীতেই মহিলাগৰাকীৰ মৃত্যু ঘটে। ঘটনাই সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পেলাইছে।

ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। ঘটনাৰ অধিক তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

ডিজিটেল ডেস্ক, ১৩ মে’

You might also like