নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আনৰ মৃতদেহ পালে ব্রিটেইনৰ দুই পৰিয়ালে

🔹 আহমেদাবাদ এয়াৰ ইণ্ডিয়াৰ বিমান দুর্ঘটনা

নিউজ ডেস্ক, ২৪ জুলাই : যোৱা ১২ জুনত আহমেদবাদত এয়াৰ ইণ্ডিয়াৰ বিমান দুর্ঘটনাত প্রাণ হেৰুওৱা ব্রিটেইনৰ দুটা পৰিয়ালে কফিনত আনৰ মৃতদেহ পোৱাক লৈ তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ গ্রেট ব্রিটেইনৰ অধিবক্তাই প্রকাশ কৰা মতে, দেশখনৰ দুটা পৰিয়াললৈ আহমেদাবাদৰ চৰকাৰী হাস্পতালৰ পৰা কফিনত প্রেৰণ কৰা মৃতদেহ দুটা আন লোকৰ৷ অর্থাৎ পৰিয়ালকেইটাই ভুল মৃতদেহ লাভ কৰিছে৷ আহমেদাবাদৰ চৰকাৰী হাস্পতালত ডিএনএ পৰীক্ষা কৰাৰ পাছত ছীল কফিনত প্রেৰণ কৰা মৃতদেহ দুটা দেখি ব্রিটিছ পৰিয়াল হতবাক হৈ পৰে৷ কিয়নো, কফিনৰ ভিতৰত থকা মৃতদেহ দুটা আন কোনো লোকৰহে৷ এই ঘটনাক লৈ পৰিয়ালৰ লোকৰ অভিযোগৰ ভিত্তিত এয়াৰ ইণ্ডিয়াই বিষয়টো গুৰুত্বসহকাৰে লৈছে৷ অৱশ্যে চৰকাৰী হাস্পতালৰ পৰা প্রেৰণ কৰা মৃতদেহৰ কফিনক লৈ বিমান পৰিবহণ সংস্থাটো জড়িত নহয় বুলিও প্রকাশ কৰিছে৷

You might also like