নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাগৰপাৰত সাৱধানঃ এক বটল বালি চুৰিৰ বাবদ প্রায় লাখ টকাৰ জৰিমনা

নিয়মীয়া বাৰ্তা ১৫ ছেপ্টেম্বৰঃ আমাৰ দেশত ট্রাক ট্রাক বালি চুৰিৰ ঘটনা প্ৰায় প্ৰতিদিনেই শুনা যায়। সেই চুৰি কৰি নিয়া বালিক লৈ মাফিয়া আৰু আৰক্ষীৰ মাজতো এখন শীতল যুদ্ধ চলি থাকে।

বহু লোকে দীঘা, পুৰী আৰু গোৱালৈ গ’লে স্মাৰক হিচাপে তাৰ পৰা অলপমান বালি লৈ আহে। যি কেতিয়াও অপৰাধ হিচাপে গণ্য কৰা নহয়। কিন্তু কেতিয়াবা শুনিছেনে, সমুদ্ৰতীৰৰ পৰা ২ কিলোতকৈও কম পৰিমানৰ বালি অনাৰ বাবেই ৯০,০০০ টকাৰ জৰিমনা লগোৱা হয় !

আচৰিত লাগিলেও এয়া সত্য। ইটালীৰ এনেদৰেই এক ঘটনা পোহৰলৈ আহিছে। কাৰণ এই বালি কিছু পৃথক, যাক লৈ দেখখনত এক আইনো আছে।

ইটালীৰ প্রশাসনে জনাইছে, এজন ফৰাছী পর্যটকে ১২০০ ডলাৰ (ভাৰতীয় মুদ্রাত প্রায় ৮৮ হাজাৰ টকা) জৰিমানা কৰা হয়। কাৰণ তেওঁ প্রায় চাৰি পাউণ্ড ছার্ডিনিয়া-ৰ বালি লৈ গৈছিল।

এই বালিৰ চুৰিৰ সংখ্যা হ্ৰাস কৰিবলৈ ইটালীৰ এই স্থানত ২০১৭ চনত এক স্থানীয় আইন প্ৰণয়ন কৰা হয়। য’ত উল্লেখ কৰা হয় এই স্থানৰ বালি বেআইনী বুলি উল্লেখ কৰা হয়। বালিৰ পৰিমাণৰ উপৰত, ভাৰতীয় মুদ্রা হিচাপত ৪৪ হাজাৰ ৰ পৰা প্রায় ২.৫ লাখ টকা পর্যন্ত জৰিমনা আৰু জেলও হ’ব পাৰে।

You might also like