নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰোনা ভেকচিনক লৈ সমগ্ৰ বিশ্বৰ নজৰ এতিয়া ভাৰততঃ গেটছ

নিয়মীয়া বাৰ্তা ১৫ ছেপ্টেম্বৰঃ   মাইক্ৰচফ্টৰ প্ৰতিষ্ঠাপক বিল গেটছে কয় যে কৰোনাৰ ভেকচিনক লৈ সমগ্ৰ বিশ্বৰ নজৰ এতিয়া ভাৰতবৰ্ষৰ ওপৰত। কাৰণ ভাৰতে বৃহৎ পৰিমাণে ভেকচিন উৎপাদন কৰিব পাৰে। বিল গেটছে কয় যে কৰোনা ভেকচিনৰ উৎপাদনৰ কাৰণে ভাৰতৰ ক্ষমতা আছে কাৰণ দেশখনে বিভিন্ন ধৰণৰ ভেকচিনৰ উৎপাদন বহু গুণে উৎপাদন কৰে।

লগতে বিল গেটছে আশা কৰিছে যে অহা বৰ্ষৰ আৰম্ভণিতে ভাৰতে বৃহৎ পৰিমাণে কৰোনাৰ ভেকচিন উৎপাদন কৰাৰ লগতে বিশ্বৰ বিভিন্ন দেশত যোগান ধৰিব। সংবাদ প্ৰতিষ্ঠান পিটিআইৰ সৈতে হোৱা এক সাক্ষাতকাৰত এই কথা ব্যক্ত কৰে বিল গেটছে।

 বিল গেটচে উল্লেখ কৰে যে কৰোনা ভাইৰাছৰ ভেকচিনৰ পৰীক্ষণ চৃড়ান্ত পৰ্যায়লৈ উপনীত হৈছে আৰু অহা বৰ্ষৰ প্ৰথম তিনি মাহত কৰোনা ভেকচিন উপলব্ধ হ’ব পাৰে। ভেকচিন য’তেই আৱিষ্কাৰ নওক কিন্তু ভাৰততেই ইয়াৰ উৎপাদন হ’ব।

উল্লেখ্য যে ভাৰতীয় ফাৰ্মা কোম্পানী সমূহে বৃহৎ পৰিমাণে বিভিন্ন ধৰণৰ ভেকচিন উৎপাদন কৰি আহিছে। ভাৰতীয় ফাৰ্মা উদ্যোগৰ হাতত যিকোনো ধৰণৰ ভেকচিনৰ উৎপাদন দ্ৰুত গতিত কৰাৰ ক্ষমতা আছে। যাৰ বাবে সমগ্ৰ বিশ্বৰ চকু এতিয়া ভাৰতৰ ফালে।

You might also like