নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৭ মে’, জেঠ মাহৰ ১২ তাৰিখ
শনিবাৰঃ তিথি–শুক্লা সপ্তমী, নক্ষত্রঃ মঘা, যাত্রাঃ নাই

মেষঃ কর্মক্ষেত্রত নতুন আশা থাকিব যদিও সৰু–সুৰা বাধাৰ সন্মুখীন হোৱাৰ কাৰকতা৷ বিদ্যাত মধ্যম ফল, দাম্পত্যত মধ্যম৷ শৰীৰৰ ওপৰত নজৰ ৰাখক৷

বৃষঃ আর্থিক ক্ষেত্রত সামান্য হ’লেও কষ্ট আছে৷ জ্ঞাতি–কুটুম্বৰ পৰা মধ্যম সঁহাৰি৷ উপযুক্তই পুৰস্কৃত হ’ব৷ বন্ধুৰ আন্তৰিকতা৷ প্রেমত বদনাম৷

মিথুনঃ অনুকূল পৰিৱেশ৷ শৰীৰ মোটামুটি ভাল বুলি ক’ব পাৰি৷ আপোন ব্যক্তিৰ পৰা সুখ৷ কর্মব্যস্ততা থাকিব৷ ভ্রমণ, সন্মান আদিৰ যোগ৷

কর্কটঃ গুৰুজনৰ সহায়ত ব্যৱসায়ত লাভৰ কাৰকতা৷ পাৰিবাৰিক মতভেদৰ সম্ভাৱনা আছে৷ বিদ্যাত অৱশ্যে সিমান বেয়া দেখা নাযায়৷ নিবনুৱাসকল চেষ্টাত সফল হ’ব পাৰে৷

সিংহ ঃ উন্নত পৰিৱেশৰ আশা৷ পাৰিবাৰিক সু–সংবাদ পোৱাৰ কাৰক৷ আর্থিক দিশত কিছু ভালেই৷ পঢ়া–শুনাত যোগ্যতা থাকিব৷ কোনো লোকৰ সান্নিধ্যত সুখ পাব৷

কন্যা ঃ মজলীয়াভাৱে দিনটোৱে সহায় কৰিব, কর্মস্থানত অনুকূল পৰিস্থিতিৰ আশা কৰিব পাৰে৷ আত্মবিশ্বাসক নিজৰ কর্মত ব্যৱহাৰ কৰক, বিদ্যাত শুভ৷

তুলাঃ আর্থিকত খৰচৰ মাত্রা বৃদ্ধি পাব৷ দুর্ভাৱনাই দিনটোৱে আমনি কৰিব৷ ব্যৱসায়ত গুপ্ত শত্রুৰ পৰা সাৱধান৷ ভ্রমণৰ চেষ্টাত লাভৱান হ’ব৷ ঘৰুৱাত নতুন পৰিকল্পনা৷

বৃশ্চিকঃ আনন্দ লাভ৷ সু–সংযোগত মনত উৎসাহ থাকিব৷ আর্থিক দিশত সিমান উন্নত নহ’লেও অসুবিধাতো নপৰিব৷ কর্মক্ষেত্রত উন্নত পৰিৱেশ৷ ব্যৱসায়ত শুভ৷

ধনুঃ ঘৰুৱা দিশত বেয়া নহ’ব৷ দুই–এটা চেষ্টাত সফল৷ কর্মক্ষেত্রত জটিলতা থাকিলেও আপোনাৰ সুনাম হানি নহ’ব৷ কোনো লোকৰ সাক্ষাতত উপকৃত হ’ব৷

মকৰঃ খৰচ–পাতি ৰোধ কৰাৰ চেষ্টা কৰক৷ ফুৰা–মেলাতো সাৱধান হওক৷ কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধি পাব৷ আকস্মিক কাৰণত মনলৈ কষ্ট অহাৰ সম্ভাৱনা৷

কুম্ভঃ সাৱধানেৰে চলক৷ শৰীৰৰ বৰ শুভ বুলিব নোৱাৰি৷ কর্মক্ষমসকলে নিজ কর্মত আত্মনিয়োগ কৰক৷ বাদ–বিসম্বাদৰ পৰা আঁতৰক৷

মীনঃ ৰাজহুৱা কামত খ্যাতি ম্লান নহয়৷ শৰীৰ মধ্যম৷ বন্ধুবর্গৰ লগত সু–সম্বন্ধ থাকিব৷ বিদ্যাত ভালেই৷ ব্যৱসায়ীসকল বাধাৰ সন্মুখীন হ’ব পাৰে৷ ভ্রমণত সুখ৷

You might also like