নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোটি টকাৰ সোণ লৈ পলায়ন মেনেজাৰৰ : লখিমপুৰৰ আশীৰ্বাদ গ’ল্ড লোন বেংকত হাহাকাৰ

বিশেষ বাৰ্তা,  ২২ মেঃ  নকল সোণৰ কাণ্ডই জোকাৰি থকা লখিমপুৰত এইবাৰ সংঘটিত হল খাটি সোণৰ জালিয়াতি। খাটি সোণ লৈ পলাল বেংকৰ বিষয়া৷ যাৰ বাবে এটিয়া লখিমপুৰত গ্ৰাহকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ঘটনাটো সংঘটিত হৈছে লখিমপুৰ নগৰৰ চি ডি ৰোডৰ ৬নং ৱাৰ্ডৰ পাৰুল কমপ্লে’ত থকা আৰ্শীবাদ গ’ল্ড লোণ বেংকত। বেংকৰ মেনেজাৰে কোটি টকাৰ সোণ আৰু নগদ ধন লৈ পলায়ন কৰাত আজি বেংকটোত গ্ৰাহকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ বেংকটোৰ শাখা প্ৰৱন্ধক যোৰহাটৰ অবিনাশ মহন্তই বিগত চাৰি দিন পূৰ্বেই শাখাটোৰ পৰা বৃহৎ পৰিমানৰ সোণৰ লগতে নগদ ধন লৈ পলায়ন কৰাৰ পিছত আজি লখিমপুৰ আৰক্ষীয়ে বেংকটো ছীল কৰাৰ লগতে শাখাটোৰ চাৰিজন কৰ্মচাৰীক থানালৈ আটক কৰি লৈ যায়৷ জানিব পৰা মতে ২০২১ চনৰ নৱেম্বৰ মাহত পাৰুল কমপ্লে’ত মুকলি কৰা এই আৰ্শৰ্ীবাদ গ’ল্ড লোণৰ শাখাটোত বিভিন্ন গ্ৰাহকৰ পৰা সোণ জমা লৈ নগদ ধনৰ ঋণ আদায় দি অহা হৈছিল৷ এনেদৰে প্ৰায় ছয় সাতশ গ্ৰাহকে শাখাটোত সোণৰ অলংকাৰ জমা দি তাৰ বিনিময়ত নগদ ধনৰ ঋণ লৈ আহিছিল৷ প্ৰতিজন গ্ৰাহকে শাখাটোৰ পৰা এটোলা সোণৰ বিপৰীতে ৬০ শতাংশ ঋণ লাভ কৰি আহিছিল৷ বহু এজেন্টৰ জৰিয়তেও শাখাটোৱে সোণ সংগ্ৰহ কৰি জমা ৰাখিছিল৷  উল্লেখযোগ্য যে কেই দিনমানৰ  পূৰ্বে বেংকৰ শাখাটোৰ মেনেজাৰ অবিনাশ মহন্ত অন্তৰ্ধান হৈ পৰে।  গ্ৰাহকসকলে বেংকত উপস্থিত হৈ নিজৰ জমা সোণ ঘূৰাই বিছৰাতহে উৰহি গছৰ ওৰ ওলাই পৰে৷  শাখাটোত জমা ৰখা নিজৰ আ-অলংকাৰ তথা সোণ সমূহ বেংকৰ শাখা প্ৰৱন্ধক মহন্তই লৈ পলায়ন কৰা বুলি গম পাই গ্ৰাহক সকলে শাখাটোত আজি  হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰাত লখিমপুৰ আৰক্ষীয়ে আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে শাখাটো ছীল কৰি শাখাটোৰ চাৰিজন কৰ্মচাৰীক থানালৈ লৈ যায়৷ এক বিশেষ সূত্ৰই জনোৱা অনুসৰি শাখা প্ৰৱন্ধকজনে ২১ টোপোলা সোণৰ লগতে ২৮ লাখৰো অধিক টকা লৈ পলায়ন কৰিছে৷ গ্ৰাহকসকলে গ্ৰহণ কৰা ঋণৰ সুদ জমা দি অহাৰ বাবেই শাখাটোত বৃহৎ পৰিমানৰ নগদ ধন জমা সূত্ৰে প্ৰৱন্ধকজনে এনে দুষ্কাৰ্য সংঘটিত কৰিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে৷ ভুক্তভোগী গ্ৰাহকে কয় বেংকটোত তেওঁলোকে নিজৰ সোণ জমা দিয়াৰ সময়ত নিৰ্দিষ্ট একোটা বাকচত সোণ খিনি ভৰাই বেংকৰ বিষয়া-কৰ্মচাৰী আৰু গ্ৰাহকজনৰ উপস্থিতিত ছীল কৰা হৈছিল যদিও আজি আৰক্ষীয়ে বেংকৰ লকাৰ খোলাৰ সময়ত গ্ৰাহকসকলে পলিথিনৰ পেকেটত হে সোণ সমূহ পূৰ্বে জমা থোৱাতকৈ অতি কমকৈ দেখা পায়৷ এই সন্দৰ্ভত আজি ভূক্তভোগী গ্ৰাহক সকলে লখিমপুৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে এক গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছে৷
প্ৰেৰক জীৱন গোস্বামী
You might also like