নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢোলৰ ছেৱে ছেৱে নাচি চাকৰি ত্যাগ যুৱকৰ

বিশেষ বাৰ্তা, ২৯ এপ্রিল : কার্যালয়ৰ বাহিৰত বাজিছে ঢোল৷ সেই ঢোলৰ তালত নাচিছে এজন যুৱকে৷ কোনো উৎসৱৰ কাৰণ নহয়, নিজৰ চাকৰি বাদ দিয়াৰ আনন্দতে নাচিছে যুৱকজনে৷ অবাক যেন লাগিলেও এই ঘটনা ঘটিছে পুনেত৷ ‘বিৰক্তিকৰ’ ঊর্ধ্বতন কর্তৃপক্ষৰ পৰা ৰেহাই পাবলৈ এই উদযাপন কৰিছে যুৱকজনে৷ পুনে চহৰৰ যুৱক অনিকেতে তিনি বছৰ ধৰি এটা কোম্পানীত চেলছ এছ’চিয়েট হিচাপে কাম কৰিছিল৷ কিন্তু ‘বছ’ৰ দুর্ব্যৱহাৰ, বেয়া কামৰ পৰিৱেশ, কাম হিচাপে উপযুক্ত বেতন নোপোৱা আদি বিষয়ত দীর্ঘদিন ধৰি ক্ষুব্ধ হৈ আছিল যুৱকজন৷ মাজে সময়ে হতাশাত ভুগিছিল অনিকেত৷ অৱশেষত অনিকেতে চাকৰি ত্যাগ কৰাৰ সিদ্ধান্ত লয়৷ কিন্তু চাকৰিৰ অন্তিম দিনটোক স্মৰণীয় কৰি ৰাখিব বিচাৰিছিল তেওঁ৷ সেইবাবে নিজৰ কেইজনমান বন্ধু আৰু ছ’চিয়েল এক কনটেণ্ট ক্রিয়েটৰক লগত লৈ সকলো পৰিকল্পনা কৰে৷ অফিচৰ বাহিৰত ঢোল বজাই নৃত্য কৰা এটা ভিডিঅ’ প্রস্তুত কৰে অনিকেতে৷ সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈ পৰিছে এই ভিডিঅ’৷

You might also like