নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আপুনি ধুনীয়ানে? ঘৰুৱা দিহাৰে লাভ কৰিব পাৰি এখন নিমজ আৰু সুন্দৰ ছাল

নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰীঃ সৌন্দৰ্যৰ প্ৰতি সকলোৰে থাকে হাবিয়াস। এখন নিমজ-সুন্দৰ ছালৰ অধিকাৰী সকলোৱে হ’ব বিচাৰে। এয়া মানুহ বিশেষকৈ মহিলাৰ স্বাভাৱিক প্ৰৱণতা। সেয়ে হয়তো বিউটি পাৰ্লাৰৰ চাহিদা বৰ্তমান সময়ত বেছি।

চাকৰিয়াল মহিলাৰ পৰা আৰম্ভ কৰি ঘৰত থকা মহিলাগৰাকীলৈ, ষোড়শী যুৱতীৰ পৰা কণমানিজনীলৈ সকলোৱে ভালকৈ থাকিব বিচাৰে। ক’লা -বগা বুলি একো পাৰ্থক্য নাথাকে, তথাপি এখন সুন্দৰ ছালৰ গৰাকী হ’বলৈ সকলোৱে বিচাৰে।

কেনেকৈ লাভ কৰি এখন সুন্দৰ উজ্জ্বল ছাল–

আমি সঘনে ব্যৱহাৰ কৰা বিলাহী ছালৰ বাবে খুবেই উপকাৰী। দৈনিক বিলাহীৰ ৰসৰ লগত যদি কেঁচা গাখীৰ মিলাই দৈনিক মুখমণ্ডলত লগায় ই আপোনাৰ ছালখনৰ উজ্জ্বলতা বৃদ্ধি কৰিব।

সহজলভ্য বেচনৰ লগত অলপ পৰিমাণৰ চেনি মিহলাই ঘূৰণীয়া আকাৰত কাটি লোৱা এটা বিলাহীৰে ছালত ঘড়ীৰ কাটাৰ দিশত ঘূৰাব লাগে, ই ছালৰ মৃত কোষবোৰ আঁতৰ কৰাত সহায় কৰাৰ লগতে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে।

বিলাহীৰ ৰসৰ লগত দৈ, বেচন আৰু মৌ মিহলাই ছালখনত লগাব, ই আপোনাৰ ছালখন নিমজ কৰাৰ লগতে উজ্জ্বলতা বৃদ্ধি কৰিব।

এক চামুচ বেচন, নেমুৰ ৰস, ময়দা আৰু বিলাহীৰে এটা মিশ্ৰণ বনাই মুখত লগালে ছালৰ উজ্জ্বলতা বৃ্দ্ধি পায়। বেচন, হালধি, নেমু, আৰু মৌৰ মিশ্ৰণেও আপোনাৰ ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে।

দুচামুচ কফি, নেমুৰ ৰস, বেচন মিলাই ছালত লগালেও এখন সুন্দৰ ছালৰগৰাকী হ’ব পাৰিব। লগতে ফলমূল উদাহৰণ স্বৰূপে কল, আম, তিঁয়হ আদিও মাজে সময়ে ছালখনত লগালে ছালৰ সতেজতা বৃদ্ধি পায়।

উল্লেখ্য যে ছালৰ উজ্জ্বলতা বৃদ্ধি পোৱাত পানী অপৰিহাৰ্য। দৈনিক পৰ্যাপ্ত পৰিমাণৰ পানী খালেও শৰীৰ চাফা হয় আৰু ছালৰ উজ্জ্বলতা বৃদ্ধি পায়।

You might also like