নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোত ছত্তিশগড়ৰ মুখ্যমন্ত্রীৰ সন্মুখতে নন্দিতা দাস গ’ বেক ধ্বনি কংগ্রেছীৰ

নিয়মীয়া বাৰ্তা ১৮ ফেব্ৰুৱাৰীঃ অসমৰ পৰা বিজেপিক খেদক আৰু অসম বচাওক৷ এই মন্তব্য ছত্তিশগডৰ মুখ্যমন্ত্রী ভূপেশ ৱাঘেলৰ৷ কামৰূপ জিলাৰ বকো বিধানসভা সমষ্টিৰ অন্তর্গত সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বকো ব্লক কংগ্রেছ আৰু ছমৰীয়া ব্লক কংগ্রেছৰ উদ্যোগত আজি অনুষ্ঠিত বুথ সংকল্প শিবিৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ছত্তিশগডৰ মুখ্যমন্ত্রী ভূপেশ ৱাঘেলে আৰু কয়– দেশৰ একতা আৰু অখণ্ডতাৰ বাবে বহু নেতাই প্রাণাহুতি দিছিল যদিও বিজেপিয়ে দেশ স্বাধীনতাৰ সময়ত ইংৰাজৰ লগত মিলি আছিল আৰু বর্তমানেও ইংৰাজসকলৰ লগত মিলি আছে৷ বিগত দিনত কংগ্রেছ চৰকাৰে দেশ তথা দেশবাসীক একত্রিত কৰি কাম কৰিছিল, কিন্তু বিজেপিয়ে দেশবাসীক বিভাজিত কৰি দেশৰ সম্পদসমূহ লাহে লাহে বিক্রী কৰি আছে আৰু এটা সময়ত দেশখনকো বিক্রী কৰিব৷ বিগত দিনত কংগ্রেছ চৰকাৰৰ আমোলত ৭০ হাজাৰ কোটি টকাৰ ঋণ ৰেহাই দিয়া বুলি উল্লেখ কৰি ছত্তিশগডৰ মুখ্যমন্ত্রীগৰাকীয়ে সভাত আৰু কয় যে কংগ্রেছে দেশবাসীক দিয়া প্রতিশ্রুতি ৰক্ষা কৰিছে যদিও বিজেপিয়ে দিয়া প্রতিশ্রুতি ৰক্ষা কৰা নাই৷

নিৱনুৱাক সংস্থাপন দিব নোৱাৰা তথা মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা বিজেপি চৰকাৰ সম্পূর্ণৰূপে ব্যর্থ হোৱা বুলি উল্লেখ কৰি ছত্তিশগডত কংগ্রেছৰ চৰকাৰ গঠন হোৱাৰ লগে লগেই কৃষকৰ ১০ হাজাৰ কোটি টকা ঋণ ৰেহাই দিয়া বুলি সভাত সদৰী কৰাৰ লগতে আগন্তুক দিনত অসমত কংগ্রেছ চৰকাৰ হ’লে প্রতিগৰাকী শ্রমিকে ৩৬৫ টকাকৈ লাভ কৰিব বুলি তেওঁ উল্লেখ কৰে৷ আগন্তুক দিনত অসমত কংগ্রেছ চৰকাৰ গঠন হ’লে অসমত ‘কা’ বলৱৎ হ’বলৈ নিদিয়েবুলিও ছত্তিশগডৰ মুখ্যমন্ত্রী ভূপেশ ৱাঘেলে সভাত উল্লেখ কৰে৷ বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসে আদৰণঈ ভাষণ প্রদান কৰা সভাত বিহাৰ বিধানসভাৰ সদস্য ছাকিল আহমেদ খানে মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা বিজেপি দলক বিশ্বাসঘাতকবুলি আখ্যা দিয়ে৷ সভাত প্রাক্তন কেন্দ্রীয় মন্ত্রী মুকুল ৱাস্থী, অখিল ভাৰতীয় কংগ্রেছ কমিটীৰ সচিব আদিত্য শর্মা, ছত্তিশগড জিলা কংগ্রেছৰ সভাপতি নির্মল কছাৰী, ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ লগতে কেইবাগৰাকী কংগ্রেছী নেতাইভাষণ দিয়ে৷ ছত্তিশগডৰ মুখ্যমন্ত্রী ভূপেশ বাঘেলৰ উপস্থিতিত অনুষ্ঠিত সোণতলীত আজি অনুষ্ঠিত বুথ সংকল্প শিবিৰৰ সভাত বিধায়িকা নন্দিতা দাসে আদৰণী ভাষণ প্রদান কৰাৰ সময়তে একাংশ কংগ্রেছ কর্মীয়ে বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসৰ বিৰোধিতা কৰি ক’লা পতাকা প্রদর্শন কৰাৰ লগতে নন্দিতা দাস গ’ বেক শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে৷ প্রতিবাদকাৰী কংগ্রেছীসকলে আগন্তুক দিনত বকো সমষ্টিত বিধায়িকা নন্দিতা দাসৰ প্রার্থিত্বৰ বিৰোধিতা কৰিয়েই ক’লা পতাকা প্রদর্শন আৰু গ’ বেক শ্লোগান দিয়া বুলি জানিব পৰা গৈছে৷

You might also like