নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰধানমন্ত্ৰীয়ে অহা ১০ ডিচেম্বৰত নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰিব

নিয়মীয়া বাৰ্তা ৫ ডিচেম্বৰঃ অহা সপ্তাহত নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। শনিবাৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই প্ৰধানমন্ত্ৰীক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰি এই কাৰ্যসূচীৰ বাবে আনুষ্ঠানিক আমন্ত্ৰণ জনায়।

উল্লেখ্য যে প্ৰায় ৮৬১কোটি টকা ব্যয়েৰে টাটা প্ৰজেক্ট লিমিটেডে এই নতুন সংসদ ভৱন নিৰ্মাণ কৰি উলিয়াব। মনকৰিবলগীয়া যে এবছৰৰ ভিতৰতে এই নতুন ভৱন নিৰ্মাণ হৈ উঠাৰ সম্ভাৱনা আছে।

You might also like