নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূলতো বেডৰূমত এইসমূহ সমাগ্ৰী নথব নহলে বৈবাহিক জীৱনত অশান্তি হ’ব পাৰে…

নিয়মীয়া বাৰ্তা ২৪ ডিচেম্বৰঃ  যদি কোনো কাৰণত স্বামী আৰু স্ত্ৰীৰ মাজত মনোমালিন্য ঘটে আৰু সেইটো কাৰণ  বাস্ত দোষও হ’ব পাৰে। সাধাৰণতে সকলোৰে ঘৰত কাজিয়া হয় কিন্তু বাস্তু শাস্ত্ৰৰ বিশেষজ্ঞ সকলে কয় যে ঘৰত বাস্তুৰ দোষ থাকিলেও বিনা কাৰণত স্বামী স্ত্ৰীৰ মাজত কাজিয়া হ’ব পাৰে। কিন্তু বাস্তু শাস্ত্ৰৰ মতে ঘৰত এনে কিছুমান বস্তু শয়ন কক্ষত মজুত থাকিব নালাগে যি থাকিলে বৈবাহিক জীৱনত আশান্তিৰ সৃষ্টি হ’ব পাৰে। জানো আহক কি বস্তু শয়ন ৰূমত থাকিলে ঘৰুৱা অশান্তি হ’ব পাৰে

হনুমানৰ ফটো আছে যদি আঁতৰাই দিয়কঃ হনুমানৰ ফটো শয়ন কক্ষৰ পৰা আঁতৰাই দিয়ক। কাৰণ তেওঁ অবিবাহিত আছিল। অৱশ্যে হনুমানৰ ফটো ঘৰৰ দৰ্জাৰ ওচৰত লগাই থব পাৰে।

কোনো ধৰণৰ হিংসুক জন্তুৰ ফটো নলগাবঃ যদি আপোনাৰ শয়ন কক্ষত নদী, পুখুৰী, যুদ্ধ অথবা হিংসুক জীৱ জন্তুৰ ফটো লগাইছে তেতিয়া হলে এতিয়াই আঁতৰাই দিয়ক। কাৰণ এনেধৰণৰ ফটো থাকিলে স্বামী স্ত্ৰীৰ মাজত কাজিয়াৰ সম্ভাৱনা বেছি। ইয়াৰ লগতে কক্ষত নঞাৰ্থক প্ৰভাৱ বেছি পৰে।

পানী জমা কৰি নথবঃ নিজৰ শয়ন কক্ষ সজাবৰ বাবে বহুলোকে একুৰিয়াম থৈ দিয়ে। বাস্তু শাস্ত্ৰৰ মতে নিজৰ শয়ন কক্ষত এনেদৰে পানী জমা কৰাতো অশুভ। ইয়াত ঘৰৰ শান্তি ভংগ হব পাৰে।

শয়ন ৰূমত ধন থোৱা আলমিৰা সঠিক দিশত ৰাখককঃ বাস্তু শাস্ত্ৰৰ মতে শয়ন ৰূমত ধন থোৱা আলমিৰা ৰাখিব নালাগে। যদি কোনো বিকল্প নাই তেতিয়া হলে ধন থোৱা আলমিৰাটো দক্ষিণ-পশ্চিম দিশত ৰাখক। যাৰ মুখ্য দৰ্জা খন উত্তৰ অথবা পূব ফালে থাকে।

You might also like