নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমচৈত যোৱা নিশা অগ্নিকাণ্ড

নিয়মীয়া বাৰ্তা ২৪ ডিচেম্বৰঃ  আমচৈ অঞ্চলৰ বেলতলা চাৰি আলিত থকা দুখন দোকান ২৩ ডিচেম্বৰৰ নিশা জুইত ভস্মীভূত হয় । বেলতলা চাৰি আলিৰ উত্তৰ পশ্চিম দিশত থকা ৰবীন্দ্ৰ বিশ্বাস আৰু সুনন্দ দ্বাপৰ দৰ্জী আৰু কাপোৰৰ দোকান আৰু অমৰ দ্বাপৰ টিভি কম্পিউটাৰ মেৰামতি কৰাৰ দোকান এই অগ্নি কাণ্ডৰ ফলত সম্পূৰ্ণ ভাবে ভস্মীভূত হয় । প্ৰত্যক্ষ দৰ্শীসকলৰ মতে ২৪ ডিচেম্বৰৰ পুৱতি নিশা ৩ টা মান বজাত দোকান দুখনত জুই লাগে । প্ৰথমতে জুই দৰ্জী আৰু কাপোৰৰ দোকান খনত লাগে । তাৰপিছত জুৰিয়ে গাতে লাগি থকা টিভি কম্পিউটাৰ মেৰামতি কৰাৰ দোকানখনত বিস্তাৰ হয় । জানিব পৰা মতে এই অগ্নি কাণ্ডৰ ফলত প্ৰায় ৫ লাখ টকাৰ চিলাই মেচিন কাপোৰ আৰু টিভি কম্পিউটাৰ আদি ভস্মীভূত হয় । জুই লগাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । বহুতেই বৈদ্যুতিক খেলিমেলিৰ বাবেই এই অগ্নি কাণ্ড সংঘটিত হৈছে ।

You might also like