নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওড়িশাৰ বালাচোৰত ৰেল দুৰ্ঘটনা, দুৰ্ঘটনাগ্ৰস্ত ক’ৰমণ্ডল ৰে’ল, আহত বহু যাত্ৰী

নিয়মীয়া বাৰ্তা, ৬ মে: বালাচোৰ জিলাৰ বাহানাগা ৰেলৱে ষ্টেচনৰ সমীপত ৰেলপথৰ পৰা আঁতৰি যোৱাৰ ফলত দুৰ্ঘটনাগ্ৰস্ত হয় ক’ৰমণ্ডল এক্সপ্ৰেছ ৰে’লখন। এই দুৰ্ঘটনাত বহু যাত্ৰী আহত হৈছে। অনুসন্ধান আৰু উদ্ধাৰ অভিযানৰ বাবে স্থানলৈ ৰাওনা হৈছে বিভাগীয় দলসমূহ।

বিশেষ সাহায্য আয়ুক্তৰ কাৰ্যালয়ে জনোৱা মতে, বালাচোৰৰ কালেক্টৰকো সেই স্থানত উপস্থিত হৈ সকলো প্ৰয়োজনীয় ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু ৰাজ্যিক পৰ্যায়ৰ পৰা অতিৰিক্ত সহায়ৰ প্ৰয়োজন হ’লে এছ আৰ চিক অৱগত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। আনহাতে, চিপিআৰঅ’ চাউদাৰ্ণ ৰেলৱেৰ মতে বহুকেইটা ডবা ৰেলপথৰ পৰা আঁতৰি যোৱাৰ তথ্য পোৱা গৈছে। এই মুহূৰ্তত কিমান লোক আহত হৈছে সেয়া প্ৰকাশ কৰা হোৱা নাই।

ভাৰতীয় ৰেলৱেই আৱদ্ধ যাত্ৰীসকলৰ আত্মীয়ৰ বাবে এক নম্বৰ জাৰি কৰিছে। যদি কোনো ভ্ৰমণত তেওঁৰ পৰিয়ালৰ সদস্যৰ বিষয়ে তথ্যৰ প্ৰয়োজন হয় তেন্তে তেওঁ জৰুৰীকালীন নম্বৰ +৯১ ৬৭৮২ ২৬২ ২৮৬ত ফোন কৰিব পাৰে।

You might also like