নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ পৰা পৰিয়ালক কিদৰে সুৰক্ষিত ৰাখিব? ৮টা কৰণীয়

ক’ৰোনা সংক্ৰমণৰ সংখ্যা পুনৰ বৃদ্ধি পাইছে। এই কঠিন পৰিস্থিতিত আপোনাৰ ঘৰখনক ক’ৰোনাৰ কবলৰ পৰা মুক্ত ৰখাৰ ক্ষেত্ৰত বিশেষজ্ঞসকলৰ মতে পৰিষ্কাৰ পৰিচ্ছন্নতা থকাটো অতি গুৰুত্বপূৰ্ণ। আপুনি নিজৰ ঘৰখনক এইক্ষেত্ৰত কেনেদৰে সুৰক্ষা কৰিব পাৰে এবাৰ চাই লওক-

১. আপুনি এই সময়ত আপোনাৰ চাৰিওফালৰ ক’ৰোনা পৰিস্থিতিৰ বিষয়ে জনা উচিত। অঞ্চলটোত কোনোবা নতুনকৈ ক’ৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছে নেকি পৰীক্ষা কৰক। এইটো জানিলে আপুনি নিজকে সুৰক্ষিত কৰাৰ বিষয়ে অধিক সতৰ্ক হ’ব।

২. স্থানীয় সংগঠন আৰু স্বেচ্ছাসেৱকসকলৰ এখন তালিকা প্ৰস্তুত কৰক। যিকোনো জৰুৰীকালীন অৱস্থাত আপুনি বা আপোনাৰ পৰিয়ালৰ সদস্যসকলে তথ্য, স্বাস্থ্যসেৱা আৰু অন্যান্য সমৰ্থন পাবলৈ তেওঁলোকৰ সৈতে যোগাযোগ কৰিব পাৰে।

৩. এই সময়ত ঘৰত এটা পৃথক কোঠা সাজু কৰক। যাতে ঘৰৰ এজন সদস্য অসুস্থ হৈ পৰিলে তেওঁক সেই কোঠালৈ স্থানান্তৰ কৰিব পাৰি।

৪. ঘৰত বৃদ্ধ লোক বা ৰুগীয়া সদস্যৰ বাবে অতিৰিক্ত সাৱধানতা অৱলম্বন কৰক।

৫. তাৎক্ষণিক বিপদ পৰিহাৰ কৰিবলৈ ঘৰত প্ৰয়োজনীয় ঔষধ সংৰক্ষণ কৰক।

৬. এই সময়ত অপ্ৰয়োজনীয়ভাৱে বাহিৰলৈ নোযোৱাই ভাল।

৭. সাম্প্ৰতিক ক’ৰোনা পৰিস্থিতিত যেতিয়া আপুনি বাহিৰলৈ যায় বা ক’ৰবাৰ পৰা ঘৰলৈ ঘূৰি যায়, আপুনি চেনিটাইজাৰ বা চাবোনেৰে আপোনাৰ হাত ভালদৰে পৰিষ্কাৰ কৰিব লাগে। হাত নধুৱাকৈ নাক, চকু আৰু মুখ স্পৰ্শ নকৰাই ভাল। নিজকে সংক্ৰমণমুক্ত ৰাখিবলৈ সামাজিক দূৰত্ব বজাই ৰখাটো গুৰুত্বপূৰ্ণ।

৮. বাহিৰলৈ যাওঁতে মাস্ক ব্যৱহাৰ কৰিব লাগিব। বাহিৰৰ পৰা ঘৰলৈ উভতি আহিলে কাপোৰবোৰ বীজাণুমুক্ত কৰাটোও গুৰুত্বপূৰ্ণ। যদি সম্ভৱ হয়, কুহুমীয়া পানীৰে গা ধোৱাটো শৰীৰ আৰু স্বাস্থ্যৰ বাবে ভাল।

You might also like