নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাংবাদিক–সংবাদকৰ্মী মাস্ক বিতৰণ গুৱাহাটী প্রেছ ক্লাবৰ

নিয়মীয়া বাৰ্তা, ১৪ এপ্ৰিলঃ সাংবাদিকৰ সুৰক্ষাৰ বাবে পুনৰ আগবাঢ়ি আহিল ৰাজ্যৰ অন্যতম পুৰণি প্রেছ ক্লাব গুৱাহাটী প্রেছ ক্লাব৷ ৰাজ্যত বর্তমান ক’ভিড–১৯ৰ ভয়াৱহতা৷ দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো এতিয়া ক’ৰোনাৰ দ্বিতীয় ঢ়ৌ৷ সেয়ে এনে জটিল সময়ত খবৰৰ সন্ধানত নিতৌ ঘূৰি–ফুৰা সাংবাদিক–সংবাদকৰ মাজত বিতৰণ কৰা হয় এন৯৫ মাস্ক আৰু ফেচ শ্বিল্ড৷

অইল ইণ্ডিয়াৰ আর্থিক সহযোগিতাত প্রায়কেইটা সংবাদ গোষ্ঠীক প্রদান কৰা হয় এই সুৰক্ষা কীট৷ মঙলবাৰে গুৱাহাটী প্রেছ ক্লাবত অনুষ্ঠিত এক বিতৰণী অনুষ্ঠানত উপস্থিত থাকে অইল ইণ্ডিয়া লিমিটেডৰ শীর্ষ বিষয়া ত্রিদীপ হাজৰিকা, জয়ন্ত বৰমুদৈ, ৰিংকু বৰা তথা গুৱাহাটী প্রেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথ, সাধাৰণ সম্পাদক সঞ্জয় ৰায়সহ আন বিষয়ববীয়াসকল৷

উক্ত অনুষ্ঠানত ভাষণত অইল ইণ্ডিয়া লিমিটেডৰ শীর্ষ বিষয়া ত্রিদীপ হাজৰিকাই উল্লেখ কৰে যে সাংবাদিক–সংবাদকৰ যিকোনো প্রতিকূল পৰিস্থিতিতো নিষ্ঠাৰে নিজৰ কর্তব্য পালন কৰি আহিছে৷ সেয়ে সাংবাদিক–সংবাদকৰ এই সুৰক্ষা কীট প্রদান কৰিবলৈ সুযোগ লাভ কৰাত গুৱাহাটী প্রেছ ক্লাবক ধন্যবাদ জ্ঞাপন কৰে৷

আনহাতে গুৱাহাটী প্রেছ ক্লাবৰ এই পদক্ষেপত সহযোগিতা আগবঢ়োৱা বাবে অইল ইণ্ডিয়া লিমিটেড কর্তৃপক্ষক ধন্যবাদ জনায় সভাপতি মনোজ কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে৷

You might also like