নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছত্তিশগড়ত এদিনত ক’ভিড–১৯ত ১৩২জনৰ প্রাণহানি

নিয়মীয়া বাৰ্তা, ১৪ এপ্রিলঃ ক’ভিড–১৯ মহামাৰীয়ে শেহতীয়াকৈ সংহাৰী ৰূপ ধাৰণ কৰিছে ছত্তিশগড়ত৷ ৰায়পুৰস্থিত এইমছৰ সূত্রই সদৰী কৰা অনুসৰি কালি ৰাজ্যখনৰ বিভিন্ন হাস্পতালত ক’ভিডত আক্রান্ত হৈ প্রাণ হেৰুৱাইছে ১৩২গৰাকী লোকে৷

১৮গৰাকী লোকে আম্বেদকাৰ হাস্পতালত প্রাণ হেৰুওৱাৰ বিপৰীতে এইমছত ১১গৰাকীৰ মৃত্যু হৈছে৷ ইফালে, অন্য কেইবাখনো হাস্পতালত ৬০গৰাকীতকৈ অধিক ৰোগীৰ মৃত্যু হোৱাটো নিশ্চিত কৰিছে চৰকাৰে৷

লক্ষণীয়ভাৱে শেহতীয়াকৈ ক’ভিড–১৯ৰ সংক্রমণৰ দ্বিতীয় জোৱাৰ আৰম্ভ হৈছে ছত্তিশগড়ত৷ পূর্বতে ৰাজ্যখনত ক’ভিড আক্রান্তৰ হাৰ কম আছিল যদিও বর্তমান দেশৰ অধিকসংখ্যক ক’ভিড আক্রান্ত ৰাজ্যৰ তালিকাত সন্নিৱিষ্ট হৈছে ছত্তিশগড়ৰো নাম৷

You might also like