নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীৰ হোটেলত পুনৰ শিহৰণকাৰী গণধর্ষণৰ বলি মহিলা

নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰঃ পুনৰ শিহৰণকাৰী গণধর্ষণ সংঘটিত হৈছে দিল্লীত৷ উত্তৰ–পশ্চিম দিল্লীৰ আদর্শ নগৰত এখন হোটেললৈ মাতি নি মহিলাৰ ওপৰত বলৎকাৰ চলায় তিনি দুর্বৃত্তই৷ ইতিমধ্যে দিল্লী আৰক্ষীয়ে এই তিনিওটা দুর্বৃত্তক গ্রেপ্তাৰ কৰিছে৷ অভিযুক্ত তিনিওটাৰ নাম অজয় (৩৯), তাৰা চান্দ (৩৪) আৰু নৰেশ (৩৮)৷ তিনি অভিযুক্ত ৰাজস্থানৰ আলৱাৰৰ বাসিন্দা৷ উত্তৰ–পশ্চিম দিল্লীৰ উপ–আৰক্ষী আয়ুক্ত ঊষা ৰংগৰাণিয়ে উল্লেখ কৰা অনুসৰি দেওবাৰে আদর্শ নগৰ আৰক্ষী থানাত অভিযোগ দাখিল হোৱাৰ পিছতে তিনিওটা দুর্বৃত্তক গ্রেপ্তাৰ কৰা হৈছে৷

You might also like