নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অন্ধবিশ্বাস: পুনেত সন্তানৰ আশাত মহিলাক খুৱাইছে মানুহৰ হাড়ৰ পাউদাৰ

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰী: আধুনিক বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ দপদপনিৰ মাজতো ধর্মীয় অন্ধবিশ্বাসৰ বাবে পুনেত সন্তান লাভৰ আশাত মহিলা এগৰাকীক স্বামী আৰু পৰিয়ালৰ লোকে বলপূর্বকভাৱে মৃত মানুহৰ হাড়েৰে প্রস্তুত কৰা পাউদাৰ খুওৱাৰ তথ্য পোহৰলৈ অহাৰ পিছতে চাঞ্চল্যৰ সৃষ্টি হৈছে৷ বিৱৰণী মতে, পুনেৰ ছিংগাড় থানাত এগৰাকী মহিলাই তেওঁৰ স্বামী, শহুৰেক আৰু তান্ত্রিক বাবাই বলপূর্বকভাৱে মানুহৰ হাড়ৰ দ্বাৰা প্রস্তুত কৰা পাউদাৰ বলপূর্বকভাৱে সেৱন কৰাই থকা বুলি অভিযোগ দাখিল কৰাৰ পিছতে এই ভয়াৱহ ঘটনাটো পোহৰলৈ আহিছে৷ পুনেৰ উপ–আৰক্ষী আয়ুক্ত সুহেল শর্মাই প্রকাশ কৰা মতে, ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৪৯৮(ক), ৩০৪, ৫০৬ৰ লগতে মহাৰাষ্ট্রৰ অন্ধবিশ্বাসবিৰোধী আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে৷ উল্লেখ্য যে ২০১৯ চনত বিবাহপাশত আবদ্ধ হোৱা মহিলাগৰাকীৰ পৰিয়ালক যৌতুকৰ দাবী কৰাৰ লগতে সন্তান লাভৰ বাবে মহিলাগৰাকীক এই অস্বাভাৱিক কার্য কৰিবলৈ বাধ্য কৰাই আহিছে৷ অমাৱস্যাৰ নিশা মহিলাগৰাকীক পাউদাৰ খুওৱাৰ পূর্বে ঘৰত ধর্মীয় পৰম্পৰাৰে পূজা–পাতল কৰে তান্ত্রিক বাবাই৷ অজ্ঞাত শ্মশ্মানৰ পৰা মৃতদেহৰ হাড় আনি তাৰ পৰা পাউদাৰ প্রস্তুত কৰি মহিলাগৰাকীক বলপূর্বকভাৱে খাবলৈ বাধ্য কৰাইছিল স্বামীয়ে৷ আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে৷

You might also like