নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভেদ্য দুর্গত পৰিণত ৰাজধানী দিল্লীৰ ৰাজপথঃ ২৬ জানুৱাৰীত সন্ত্রাসবাদী আক্রমণৰ ভাবুকি

  • গণৰাজ্য দিৱসৰ পেৰেডত জিলিকিব ২৫ প্রতীকপট
  • হাৰিয়ানাৰ প্রতীকপটত অলিম্পিকৰ স্বর্ণ জয়ী নীৰজ চোপ্রাৰ প্রতিমূর্তি
  • আকাশ মিছাইলসহ সশস্ত্র বাহিনীৰ অত্যাধুনিক মাৰণাস্ত্রই কাঢ়িব দৃষ্টি

নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ পাকিস্তানস্থিত নিষিদ্ধ সন্ত্রাসবাদী সংগঠনৰ আক্রমণৰ ব্লুপ্রিণ্টক লৈ অভেদ্য দুর্গত পৰিণত কৰা হৈছে দেশৰ ৰাজধানী দিল্লী৷ ৰাজধানী চহৰখনৰ ঐতিহাসিক ৰাজপথত নির্ধাৰিত সময়তকৈ আধা ঘণ্টা পলমকৈ অনুষ্ঠিত হ’ব গণৰাজ্য দিৱসৰ পেৰেড৷ পুৱা ১০.৩০ বজাত আৰম্ভ হোৱা গণৰাজ্য দিৱসৰ পেৰেডত ২৫ প্রতীকপট প্রদর্শিত হ’ব৷ ১২খন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ লগতে ৯ মন্ত্রালয় আৰু বিভাগ, সশস্ত্র বাহিনীৰ প্রতীকপট এইবেলি পেৰেডত প্রদর্শন হ’ব৷

উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্য মেঘালয় আৰু অৰুণাচল প্রদেশৰ প্রতীকপটে ৰাজপথৰ পেৰেড শুৱানি কৰাৰ বিপৰীতে এইবেলি পেৰেডত নাথাকিব অসমৰ প্রতীকপট৷ মেঘালয়, অৰুণাচলৰ লগতে হাৰিয়ানা, ছত্তিশগড়, গোৱা, গুজৰাট, কর্ণাটক, পঞ্জাব, উত্তৰপ্রদেশ আৰু উত্তৰাখণ্ডৰ প্রতীকপট পেৰেডত শুৱনি হ’ব৷ ক’ভিড–১৯ প্রট’কল অনুযায়ী এইবেলি পেৰেডৰ দর্শক হিচাপে মাত্র ৫ৰ পৰা ৮ হাজাৰ লোক উপস্থিত থাকিব৷ লক্ষণীয় যে হাৰিয়ানাৰ প্রতীকপটত অলিম্পিকৰ জেভলিনত স্বর্ণপদক বিজয়ী নীৰজ চোপ্রাৰ প্রতিমূর্তি সংলগ্ণ কৰিছে চৰকাৰখনে৷ পেৰেডত বায়ুসেনা বাহিনীয়ে এডভাঞ্চ লাইট হেলিকপ্ঢাৰেৰে আকাশমার্গত কলা প্রদর্শন কৰিব৷

পেৰেডত ১৬ মার্চিং কণ্টিনজেনছ আৰু ১৭ মিলিটেৰী ব্রেণ্ডে নিজৰ শৈলী প্রদর্শন কৰিব৷ সশস্ত্র সেনাই এখন পি টি–৭৬ টেংক, এখন চেঞ্চুৰিয়ান টেংক, দুখন এম বি টি অর্জুন এম কে–১ টেংক, এখন এ পি চি ট’পাছ আর্মড পার্ছনেল কেৰিয়াৰ, এখন বি এম পি–১ ইনফেণ্ড্রী ফাইটিং ভেহিকল আৰু দুখন বি এন পি–২ এনফেণ্ড্রী ফাইটিং ভেহিকলৰ লগতে এটা ৭৫/২৪ পেক হাউজাৰ, ২টা ধনুষ হাউজাৰ, ১টা ই এম এছ ব্রিজলেইং ছিষ্টেম, ২টা সর্বত্র ব্রিজ লেইং ছিষ্টেম, ১টা এইচ টি–১৬ ইলেক্ট্রনিক ৱাৰফেয়াৰ ছিষ্টেম, ২টা তৰণ শক্তি ইলেক্ট্রনিক ৱাৰফাৰ ছিষ্টেম, ১ টাইগাৰ কেট মিছাইল ছিষ্টেম আৰু ২ আকাশ মিছাইল ছিষ্টেম প্রদর্শন কৰা হ’ব৷ ৬টা মার্চিং কণ্টিনজেনছৰ ভিতৰত ভাৰতীয় সেনাৰ ৰাজপুত ৰেজিমেণ্ট, আছাম ৰেজিমেণ্ট, জন্মু আৰু কাশ্মীৰ লাইট ইনফেণ্ড্রী, শিখ লাইট ইনফেণ্ড্রী, আর্মী অর্ডিনেঞ্চ ক’ৰ ৰেজিমেণ্ট আৰু পেৰাছুট ৰেজিমেণ্ট আছে৷ ভাৰতীয় বায়ুসেনা আৰু নৌসেনা বাহিনীৰ এটাকৈ কণ্টিনজেণ্টে অংশ ল’ব৷ আনপিনে কেন্দ্রীয় অর্ধসামৰিক বাহিনী, সশস্ত্র বাহিনী, দিল্লী আৰক্ষী, এন চি চি, এন এছ এছকে ধৰি ১৭টা মিলিটেৰী ব্রেণ্ডে নিজৰ শৈলী প্রদর্শন কৰিব৷ দুজন পৰমবীৰ চক্র আৰু এজন অশোক চক্র বিজয়ীয়ে এইবেলি পেৰেডত অংশ ল’ব৷

ইপিনে আই টি বি পিৰ পুৰুষ আৰু বি এছ এফৰ মহিলা দলে মটৰচাইকেলেৰে কলা প্রদর্শন কৰিব৷ দিল্লী অঞ্চলৰ জেনেৰেল অফিচাৰ কমাণ্ডিং লেফটেনেণ্ট জেনেৰেল বিজয় কুমাৰ মিশ্র পেৰেডৰ কমাণ্ডাৰ আৰু মেজৰ জেনেৰেল আলোক কাকেৰ পেৰেডৰ দ্বিতীয় কমাণ্ডাৰ হিচাপে দায়িত্বত থাকিব৷ এই কার্যসূচী পুৱা ১০.৩০ বজাৰ পৰা দিনৰ ১২.৩০ বজালৈ চলিব৷ পেৰেড আৰম্ভ হোৱাৰ পূর্বে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ত্রিৰংগা উত্তোলন কৰিব৷

You might also like