নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৭বাৰ মাউণ্ট এভাৰেষ্ট জয় কামি ৰীতাৰ

নিয়মীয়া বাৰ্তা, ১৮ মে’: বিশ্ববিখ্যাত নেপালৰ পর্বতাৰোহী কামি ৰীতা শ্বের্পাই বুধবাৰে ২৭বাৰ মাউণ্ট এভাৰেষ্ট আৰোহণ অভিলেখ সৃষ্টি কৰে৷ বিশ্বৰ সর্বোচ্চ শৃংগত সর্বাধিক আৰোহণ কৰি নিজৰেই অভিলেখ ভংগ কৰে কামি ৰীতা শ্বের্পাই৷ নেপালৰ পর্যটন বিভাগে জনোৱা মতে বুধবাৰে পুৱা ৮.৩০ বজাত ৮৮৪৮.৮৬ মিটাৰ উচ্চতাৰ শৃংগটো জয় কৰে ৫৩ বছৰীয়া মাউণ্টেইন গাইডজনে৷ মাউণ্ট এভাৰেষ্টত সর্বাধিক আৰোহণ কৰা অভিলেখটো কামি ৰীতা শ্বের্পাই পুনৰ নিজৰ দখললৈ আনে৷ যোৱা দেওবাৰে তেওঁৰ সতীর্থ পাছাং ডাৱা শ্বের্পাই বিশ্বৰ সর্বোচ্চ শৃংগটোত আৰোহণ কৰি কামি ৰীতাৰ ২৬বাৰ আৰোহণ কৰাৰ অভিলেখটো স্পর্শ কৰিছিল৷ উল্লেখ্য যে পূব নেপালৰ ছ’লুখুম্বো জিলাৰ বাসিন্দা কামি ৰীতাই ১৯৯৪ চনৰ ১৩ মে’ত প্রথমবাৰৰ বাবে এভাৰেষ্টত উপস্থিত হৈছিল৷ কামি ৰীতাই মাউণ্ট কে–২, মাউণ্ট চ’ অয়ু, মাউণ্ট লোচে আৰু মাউণ্ট মানাছলুককে ধৰি কেইবাটাও বিখ্যাত পর্বতৰ শৃংগও জয় কৰিছিল৷

You might also like