নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি গুৱাহাটীলৈ আহিব কংগ্রেছৰ সভাপতি পদৰ প্রার্থী মল্লিকার্জুন খার্গে

নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰঃ নিখিল ভাৰত কংগ্রেছ কমিটীৰ সভাপতি পদৰ প্রার্থী মল্লিকার্জুন খার্গে আজি অসমত নির্বাচনী প্রচাৰ চলাবলৈ আহিব৷ অসম প্রদেশ কংগ্রেছ কমিটীয়ে এক বিবৃতিযোগে জনোৱা অনুসৰি আজি বিয়লি ৪.৩০ বজাত খার্গে বিশেষ বিমানযোগে গুৱাহাটী বিমানবন্দৰত অৱতৰণ কৰিব৷ ইয়াৰ পাছতে তেওঁ সন্ধিয়া ৫.৩০ বজাত প্রদেশ কংগ্রেছৰ মুখ্য কার্যালয় ৰাজীৱ ভৱনত উপস্থিত হৈ প্রদেশ কংগ্রেছৰ প্রতিনিধিসকলৰ এখন সভাত অংশগ্রহণ কৰিব৷ নিশা ৭ বজাত ৰাজীৱ ভৱনতে তেওঁ এখন সংবাদ মেল সম্বোধন কৰিব৷

উল্লেখ্য যে এইবাৰ নিখিল ভাৰত কংগ্রেছ কমিটীৰ সভাপতি পদৰ বাবে জ্যেষ্ঠ কংগ্রেছ নেতা মল্লিকার্জুন খার্গে আৰু শশী থাৰুৰ নির্বাচনী যুঁজত অৱতীর্ণ হৈছে৷ কংগ্রেছৰ এক সূত্রই জনোৱা অনুসৰি অচিৰেই আনগৰাকী সভাপতি পদৰ প্রার্থী থাৰুৰো গুৱাহাটীত উপস্থিত হৈ নির্বাচনী প্রচাৰ চলাব৷ নিখিল ভাৰত কংগ্রেছ কমিটীৰ সভাপতি পদৰ নির্বাচনী প্রচাৰত জড়িত হোৱাৰ বাবে ইতিমধ্যে সাংসদ আব্দুল খালেক, প্রদ্যুৎ বৰদলৈ, জ্যেষ্ঠ কংগ্রেছ নেতা তথা কংগ্রেছ বিধায়িনী দলৰ উপ–দলপতি ৰকিবুল হুছেইনে দলৰ সকলো বিষয়বাব আৰু দায়িত্বৰ পৰা অব্যাহতি লৈছে৷

You might also like