নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নজিৰবিহীন ঘটনাঃ পাম্প যোৱা ৰবৰৰ চকাৰ দৰে বহি গ’ল বন্দে ভাৰত এক্সপ্রেছ ৰে’লৰ লোহাৰ চকা

 তিনি দিনত তিনিটাকৈ নাভূত–নাশ্রুত ঘটনা প্রধানমন্ত্রী মোদীৰ সপোনৰ দ্রুতগামী ৰে’লত

নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰঃ দেশত ৰে’ল চলাচলৰ ইতিহাস প্রায় ১৭০ বছৰীয়া৷ ১৮৫৩ চনৰ ১৬ এপ্রিলত প্রথমখন যাত্রীবাহী ৰে’লৰ চলাচল আৰম্ভ হৈছিল তেতিয়াৰ বোম্বাই অর্থাৎ বর্তমানৰ মুম্বাইৰ বৰি বন্দৰৰ পৰা থানেলৈ৷ প্রায় ৩৪ কিলোমিটাৰ দূৰত্ব অতিক্রম কৰি এই যাত্রীবাহী ৰে’লখনে ভাৰতত ৰে’ল যাতায়াতৰ যুগান্তকাৰী সূচনা ঘটাইছিল৷ তিনিটা লুকুমেটিভ ইঞ্জিন ছাহিব, চুলতান, সিন্ধে কঢ়িয়াই নিছিল ১৩টা দবা৷ এনেদৰে যাত্রা আৰম্ভ হোৱা ৰে’লৰ ইতিহাসত বহু ঘটনাৰ সংযোজন ঘটিছে৷ বহু দুর্ঘটনাও সংঘটিত হৈছে ৰে’ল চলাচলৰ সময়ত৷ আনকি যান্ত্রিক বিজুতি হৈ আদবাটতে ৰে’লৰ সেৱা বন্ধ হৈ পৰাৰ নজিৰো আছে৷ কিন্তু শেহতীয়াকৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সপোনৰ বন্দে ভাৰত এক্সপ্রেছত যি ঘটনা ঘটিছে, তাক লৈ বিশ্বজুৰি সৃষ্টি হৈছে চর্চা৷

মধ্যম দ্রুতবেগী বন্দে ভাৰত এক্সপ্রেছ ৰে’লৰ সেৱা প্রধানমন্ত্রী মোদীয়ে আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছিল মাত্র কেইদিনমান পূর্বে৷ বন্দে ভাৰত এক্সপ্রেছ ৰে’লৰ সেৱাৰ তিনি দিন পাছতেই ম’হৰ জাকক খুন্দিয়াই এই ৰে’ল ইঞ্জিন বিকল হৈ পৰিছিল৷ ইয়াৰ এদিন পাছতে এটা গৰুক খুন্দিয়াই ৰে’লৰ সামান্য ক্ষতি হয়৷ কিন্তু কালি বন্দে ভাৰত এক্সপ্রেছত যি ঘটনা ঘটিল সেয়া ৰে’লৰ ইতিহাসতেই নজিৰবিহীন৷ পাম্প যোৱা গাড়ীৰ চকাৰ দৰে চিৰিত বহি গ’ল ৰে’লৰ চকা৷ লগে লগে আদবাটতে বন্ধ হৈ পৰিল বন্দে ভাৰত এক্সপ্রেছ ৰে’ল৷ বাৰাণসীগামী মোদী সপোনৰ বন্দে ভাৰত এক্সপ্রেছৰ এনে দুর্দশা দেখি বিভিন্নজনে তিক্ত মন্তব্য আগবঢ়োৱা পৰিলক্ষিত হ’ল৷ কালি এই ৰে’লৰ ইতিহাসত নজিৰবিহীন হিচাপে চিহ্ণিত ঘটনাটো সংঘটিত হৈছে ডানকৌৰ আৰু ৱাইৰ ষ্টেচনৰ মাজত৷ চলি থকা অৱস্থাতে লোহাৰ ৰে’লৰ চকা কেনেদৰে ৰবৰৰ পাম্প যোৱা গাড়ীৰ চকাৰ দৰে বহি গ’ল সেয়া বিভিন্ন মহলৰ বাবে হাস্যকৰ বিষয় হৈ পৰিছে৷

ৰে’ল বিভাগৰ বাবে বন্দে ভাৰতে ইটোৰ পাছত সিটো অস্বস্তিকৰ বার্তা কঢ়িয়াই আনিছে যদিও বিভাগটোৰ একাংশ বিষয়া–কর্মীয়ে এয়া বিয়াৰিঙৰ সমস্যাৰ বাবে সংঘটিত হোৱা বুলি স্পষ্টীকৰণ দিছে৷ উত্তৰ–মধ্য ৰে’লৰ এক বিবৃতিত উল্লেখ কৰা হৈছে যে বাৰাণসী বন্দে ভাৰতৰ ৰে’ল (ট্রেইন নং ২২৪৩৬)ত এক সমস্যাই দেখা দিয়ে৷ চি–৮ দবাৰ ট্রেকছন মটৰৰ বিয়াৰিঙৰ সমস্যাৰ বাবে ৰে’লখন ডানকৌৰ আৰু ৱাইৰ ষ্টেচনৰ মাজত আবদ্ধ হৈ পৰে৷ লক্ষণীয়ভাৱে ৰে’লৰ চকা বহি যোৱাৰ পাছতে কর্মীসকলে দিল্লীৰ পৰা বাৰাণসীগামী ৰে’লখনৰ মেৰামতিৰ কাম আৰম্ভ কৰে৷ ইতিমধ্যে ৰে’ল বিভাগৰ ঊর্ধ্বতন কর্তৃপক্ষই মেৰামতিৰ পাছত নিয়ন্ত্রিত গতিবেগত ২০ কিলোমিটাৰ দূৰৈৰ খুৰজা ষ্টেচনলৈ ৰে’লখন লৈ যোৱাৰ সিদ্ধান্ত গ্রহণ কৰে৷ খুৰজা ষ্টেচনৰ পৰা বন্দে ভাৰত এক্সপ্রেছৰ যাত্রীসকলক নমাই শতাব্দী এক্সপ্রেছত গন্তব্য স্থানলৈ প্রেৰণ কৰা হয়৷

ইফালে খুৰজা ষ্টেচনৰ পৰা ৰে’লখন ৰক্ষণাবেক্ষণৰ স্থানলৈ ওভতাই আনি বিস্তাৰিত তদন্ত কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে ৰে’ল বিভাগে৷ এনেদৰে দ্রুতগামী ৰে’লৰ চকা পথত বহি যোৱা ঘটনাক লৈ অৱশ্যে তাৎক্ষণিকভাৱে চৰকাৰে কোনো প্রতিক্রিয়া প্রকাশ কৰা নাই৷ কিন্তু ‘মেক ইন ইণ্ডিয়া’ আঁচনিৰ জৰিয়তে বিশ্বৰ ভিতৰতে দেশক শক্তিশালী কৰি গঢ়ি তোলা হ’ব বুলি প্রধানমন্ত্রী মোদীয়ে সঘনে দি থকা শ্লোগান কিমান অসাৰ, সেয়া বন্দে ভাৰত এক্সপ্রেছ ৰে’লে উদঙাই দিছে বুলি বিভিন্ন মহলে কটাক্ষ কৰিছে৷ ‘আত্মনির্ভৰ ভাৰত’ আৰু ‘মেক ইন ইণ্ডিয়া’ৰ অৱস্থা যদি এয়াই হয়, তেন্তে দেশ কোন পথেৰে গতি কৰিব বুলিও বিৰোধী পক্ষই চৰকাৰক সমালোচনা কৰিছে৷ ইফালে বন্দে ভাৰতৰ লোহাৰ চকা পাম্প যোৱা ৰবৰৰ চকাৰ দৰে বহি যোৱা ঘটনাক লৈ আন্তর্জাতিক সংবাদ মাধ্যমতো সৰৱ চর্চা চলিছে৷ ইয়াৰ উপৰি এই ঘটনাৰ ভিডি’ই এতিয়া নেট মাধ্যমত জ্বৰ তুলিছে৷ সকলোতে কেৱল চৰকাৰ সন্মুখীন হ’বলগীয়া হৈছে ধিক্কাৰ আৰু গৰিহণাৰ৷

You might also like