নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আঢ়ৈ ফুট দৈর্ঘ্যৰ মোচেৰে নির্বাচনী প্রচাৰত চমক প্রার্থীৰ

নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰ: নির্বাচনী প্রতীক এটা আছে৷ তথাপি প্রার্থীগৰাকীক মোচকোছাৰ বাবে সকলোৱে চিনি পায়৷ গুজৰাটৰ মগনভাই সোলাংকী নামৰ প্রার্থীগৰাকীয়ে ভোটাৰৰ হূদয় জয় কৰিছে মোচকোছাৰে৷ ইতিমধ্যে প্রায় আঢ়ৈ ফুট দৈর্ঘ্যৰ মোচকোছাৰে সংবাদ শিৰোনামো দখল কৰিছে মগনভাই সোলাংকীয়ে৷ উত্তৰ গুজৰাটৰ হিম্মত নগৰ বিধানসভা সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা কৰিছে সোলাংকীয়ে৷ প্রার্থীগৰাকীৰ নির্বাচনী প্রতীক আপেল৷ কিন্তু ভোটাৰসকলৰ মাজত প্রার্থীগৰাকীৰ প্রতীকৰ গুৰুত্ব নাই৷ গুৰুত্ব কেৱল মোচকোছাৰ৷ ইতিমধ্যে প্রচাৰৰ সময়ত মোচকোছা সমর্থকসকলৰ সন্মুখত টানি ধৰি বিভিন্ন অংগী–ভংগীও দেখুৱাই আহিছে মগনভাই সোলাংকীয়ে৷ এজন প্রাক্তন সেনা বিষয়া সোলাংকী৷ ২০১২ চনত সেনাৰ চাকৰিৰ পৰা অৱসৰ গ্রহণ কৰি বিভিন্ন সামাজিক কাম–কাজত জড়িত হৈ পৰে সোলাংকী৷ কাশ্মীৰৰ সীমান্তত সেনাৰ চাকৰিত নিয়োজিত থকাৰ সময়তে নির্বাচনত অৱতীর্ণ হোৱাৰ সপোন দেখিছিল সোলাংকীয়ে৷

You might also like