নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুৰীৰ ৰথযাত্রাই লাভ কৰিব ইউনেস্কোৰ স্বীকৃতি

নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰ: কলকাতাৰ দুর্গাপূজাৰ দৰে এইবাৰ পুৰীৰ ৰথযাত্রায়ো পাব পাৰে ইউনেস্কোৰ স্বীকৃতি৷ ইতিমধ্যে ওড়িশাৰ পুৰীৰ শ্রীজগন্নাথ টেম্পল এডমিনিষ্ট্রেচনৰ তৰফৰ পৰা প্রস্তুতি আৰম্ভ কৰা হৈছে৷ মন্দিৰ কর্তৃপক্ষৰ তৰফৰ পৰা ৰথযাত্রাক ইউনেস্কোৰ স্বীকৃতি দিয়াবলৈ সকলো প্রচেষ্টা চলোৱা হৈছে৷ ওড়িয়া ভাষা আৰু সংস্কৃতি বিভাগৰ তৰফৰ পৰা যোৱা বছৰেই ইউনেস্কোলৈ এখন পত্র লিখা হৈছিল৷ ইতিমধ্যে এই সন্দর্ভত ইউনেস্কোৰ সৈতে মন্দিৰ কর্তৃপক্ষৰ সংশ্লিষ্ট কমিটীৰ সঘন যোগাযোগ চলিছে৷

You might also like