নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউক্রেইনী সেনাই পাব আমেৰিকাৰ অত্যাধুনিক ড্রোন

নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ ৰাছিয়াৰ বিৰুদ্ধে ইউক্রেইনৰ প্রত্যাহ্বান অধিক সবল হ’ব৷ ইউক্রেইনৰ বাবে ৮০ হাজাৰ কোটি ডলাৰৰ সামৰিক অস্ত্র প্রেৰণৰ কথা ঘোষণা কৰিছে মার্কিন ৰাষ্ট্রপতি জ’ বাইডেনে৷ এতিয়ালৈকে ৰাছিয়াৰ সৈতে যুদ্ধ কৰিবলৈ ইউক্রেইনলৈ ২৫ হাজাৰ ৯৯৭ কোটি ডলাৰৰ সামৰিক সাহায্য প্রেৰণ কৰিছে আমেৰিকাই৷ শেহতীয়াকৈ অত্যাধুনিক ফিনিক্স ঘোষ্ট নামৰ শক্তিশালী ড্রোন আমেৰিকাই ইউক্রেইনৰ হাতত অর্পণ কৰাৰ সিদ্ধান্ত লৈছে৷ আমেৰিকাই দাবী কৰা অনুসৰি এতিয়ালৈকে কোনো যুদ্ধত ব্যৱহাৰ হোৱা নাই এই অত্যাদুনিক ড্রোন৷ মার্কিন বায়ুসেনাৰ তত্ত্বাৱধানত এভেক্স এৰোস্পেচ সংস্থাই এই বিশেষ ক্ষমতাসম্পন্ন ড্রোন নির্মাণ কৰিছে৷ এই ড্রোনে ইউক্রেইনৰ ভূমিত ৰুছ বাহিনীক তীব্র সংকটত পেলাব বুলি ধাৰণা কৰা হৈছে৷

You might also like