নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলিয়াবৰত মধ্যাহ্ন ভোজনৰ নামত বৃহৎ কেলেংকাৰীঃ বিদ্যালয়ৰ শ্ৰেণীকোঠাতে পচিছে বস্তাই বস্তাই চাউল

নিয়মীয়া বাৰ্তা, ৩১ জুলাইঃ  কলিয়াবৰ শিক্ষা খণ্ডৰ অন্তৰ্গত একাংশ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি আৰু অনিয়ম। চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক দুপৰীয়া আহাৰ যোগানৰ নামত প্ৰৱৰ্তন কৰা “মধ্যাহ্ন ভোজন” আঁচনি খনৰ নামত আৱন্টিত ধন কেনেদৰে অপচয় হৈছে তাৰেই এক জলন্ত প্ৰমাণ এইখন চৰকাৰী বিদ্যালয়। বিদ্যালয়খনিৰ শ্ৰেনীকোঠাতে মজুত থকা বস্তাই বস্তাই চাউলত পোকে ধৰিছে। এই পোকে ধৰা চাউলকে সিজাই বিদ্যালয় কতৃপক্ষই ছাত্ৰ-ছাত্ৰীক খুৱাইছে মধ্যাহ্ন ভোজন। এতিয়া আমাৰ প্ৰশ্ন হ’ল বিদ্যালয়খনত বস্তাই বস্তাই চাউল মজুত হ’ল কেনেকৈ। প্ৰধান শিক্ষক গৰাকীৰ পৰা জানিব পাৰিলোঁ বিদ্যালয় খনিৰ ছাত্র-ছাত্ৰীৰ সংখ্যা ৩২ গৰাকী। প্ৰতিগৰাকী ছাত্র-ছাত্ৰীৰ বাবে দৈনিক ১০০ গ্ৰাম চাউল আৰু ৪ টকা ৯৭ পইচা মধ্যাহ্ন ভোজনৰ নামত প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয় সমূহলৈ আৱন্টিত হৈ আহিছে। বিদ্যালয় খোলা থকা প্ৰতিটো দিনতে ছাত্র-ছাত্ৰীক খুওৱাব লাগে দুপৰীয়াৰ আহাৰ। ছাত্র- ছাত্ৰী সকলক নিয়মিত ভাবে যদি দুপৰীয়া আহাৰ যোগান ধৰা হৈছিল তেন্তে গঢ়গুৰি প্ৰাথমিক বিদ্যালয়ত বস্তাই বস্তাই চাউল মজুত হ’বলৈ পালে কেনেকৈ। পৰ্যাপ্ত চাউল মজুত থাকিলে বিদ্যালয় কতৃপক্ষই সংশ্লিষ্ট কতৃপক্ষৰ জড়িয়তে চাউলৰ আৱন্টন বন্ধ কৰিব পাৰে। তাকে নকৰি চাউলসমূহ এনেদৰে নষ্ট কৰাৰ অধিকাৰ কৰ পৰা পালে প্ৰধান শিক্ষকগৰাকীয়ে।

You might also like