নিয়মীয়া বাৰ্তা, ৪ জুলাইঃ দলীয় সংঘাতৰ বাবে কংগ্রেছ ত্যাগ কৰি পঞ্জাব লোক কংগ্রেছ দল গঠন কৰা বর্ষীয়ান ৰাজনীতিক তথা পঞ্জাবৰ প্রাক্তন মুখ্যমন্ত্রী কেপ্টেইন অমৰিন্দৰ সিং বিজেপি নেতৃত্বাধীন এন ডি এৰ উপ–ৰাষ্ট্রপতি পদৰ প্রার্থী হোৱাৰ সম্ভাৱনা প্রকট হৈছে৷ লণ্ডনৰ পৰা চিকিৎসাৰ অন্তত স্বদেশলৈ উভতি অহা কেপ্টেইন অমৰিন্দৰ সিঙে শীঘ্রেই তেওঁৰ ৰাজনৈতিক দল পঞ্জাব লোক কংগ্রেছ বিজেপিৰ সৈতে সন্মিলিত হ’ব৷ ইয়াৰ পিছতেই অমৰিন্দৰ সিং আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব৷ বিজেপিত যোগদান কৰাৰ পিছত সিঙক এন ডি এৰ উপ–ৰাষ্ট্রপতি পদৰ প্রার্থী হিচাপে ঘোষণা কৰাৰ চর্চা চলিছে৷ উল্লেখ্য যে অহা ৬ আগষ্টত উপ–ৰাষ্ট্রপতিৰ নির্বাচন অনুষ্ঠিত হ’ব৷
You might also like