নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘এয়াৰপ’ৰ্ট চিটি’ত আৰম্ভ হোৱা প্ৰেম আৰু ৩৭ হাজাৰ ফুট উচ্চতাত বিবাহ

নিউজ ডেস্ক,২৬ নৱেম্বৰঃ প্ৰেম । আপোনাৰ বাৰু কেনেকৈ প্ৰেম হৈছে ? কোনোবা পাৰ্ক , ৰেষ্টোৰা অথবা নৈসৰ্গিক পৰিৱেশৰ মাজতেই হয়তো আপুনি সপোন দেখিছে প্ৰেমৰ । আপুনি ভাবিছেনে কেনেকৈ বন্ধুত্বৰ পৰা আৰম্ভ কৰিছিল প্ৰেম ? কলেজ-বিশ্ববিদ্যালয় অথবা কৰ্মস্থলীত চকুত চকু থৈ দেখিছিল নিশ্চয় অলেখ সপোন ? পিছে আপোনাৰ-মোৰ এই ভাৱনা আৰু প্ৰেম সম্পৰ্কীয় ধাৰণাক তুচ্ছ কৰি এক প্ৰেমিকযুগলৰ প্ৰেমৰ প্ৰথম খোজটোৰ বিষয়ে জানিলে হয়তো আপুনিও আচৰিত হ’ব । প্ৰেমিক হৈছে অষ্ট্ৰেলিয়াৰ সুদৰ্শন যুৱক ডেভিদ আৰু প্ৰেমিকা হৈছে নিউজিলেণ্ডৰ ক্যেথি ভ্যালিয়েণ্ট ।

দীৰ্ঘদিনীয়া প্ৰেমক পূৰ্ণতা দিয়াৰ বাবে ক্যেথি আৰু ডেভিদে সিদ্ধান্ত ল’লে বিবাহপাশত আৱদ্ধ হোৱাৰ । ভবামতে বিবাহ সম্পন্ন হ’ল এই প্ৰেমিকযুটিৰ । অৱশ্যে এই বিবাহ আৰু প্ৰেমৰ সম্পৰ্কক লৈ এতিয়া বিশ্বজুৰি আৰম্ভ হৈছে চৰ্চা । কিয়নো ডেভিদ আৰু ক্যেথিয়ে সচৰাচৰ প্ৰেমিকা-প্ৰেমিকা সকলৰ দৰে আৰম্ভ কৰা নাছিল প্ৰেম । এয়াৰপ’ৰ্ট চিটি নামৰ এটা ভিডিঅ’ গেমৰ জৰিয়তে ৮ বছৰ পূৰ্বে পৰিচয় ঘটা দুয়োৰে মাজত গঢ় লৈ উঠিছিল প্ৰেমৰ সম্পৰ্ক । অৱশেষত এই এয়াৰপ’ৰ্ট চিটি গেমতেই আৰম্ভ হোৱা প্ৰেমক পূৰ্ণতা দিবৰ বাবে দুয়োৱে বিবাহ সম্পন্ন কৰিলে ৩৭ হাজাৰ ফুট উচ্চতাত জেটষ্টাৰ বিমানত । অষ্ট্ৰেলিয়াৰ পৰা নিউজিলেণ্ড অভিমুখী এই বিমানখনতে বিমানৰ কৰ্মচাৰীৰ লগতে বন্ধুবান্ধৱ -পৰিয়াল আৰু নিয়মীয়া যাত্ৰীসকলৰ উপস্থিতিতে সম্পন্ন হয় বিবাহ । জেটষ্টাৰৰ কেবিন ক্ৰুৰ দ্বাৰা পৰিচালিত বিবাহ অনুষ্ঠানটিত ডেভিদ আৰু ক্যেথিয়ে চুম্বনৰ জৰিয়তে যুগ্মজীৱন আৰম্ভ কৰি, এই প্ৰেম আৰু বিবাহক লৈ আনন্দিত বুলি উল্লেখ কৰে । ইতিমধ্যে জেটষ্টাৰ বিমান সংস্থা ইউটিউব চেনেলত ডেভিদ আৰু ক্যেথিৰ এই বিশেষ বিবাহৰ ভিডিঅ’ আপলোড কৰাৰ পাচতে বিশ্বত সৃষ্টি হৈছে আলোড়ন ।

You might also like