নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওড়িশাৰ স্বাস্থ্যমন্ত্রী নৱকিশোৰ দাসলৈ আৰক্ষী বিষয়াৰ গুলী; গুৰুতৰভাৱে আহত মন্ত্রীৰ হাস্পতালত শেষ নিশ্বাশ ত্যাগ

নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰী: আৰক্ষীৰ গুলীত নিহত হ’ল ওড়িশাৰ স্বাস্থ্যমন্ত্রী নৱকিশোৰ দাস৷ আজি দুপৰীয়া ওড়িশাৰ ঝাড়ছুগুৰা জিলাৰ ব্রজৰাজনগৰৰ গান্ধী চ’কৰ সমীপত ঘটে এই শিহৰণকাৰী ঘটনা৷ ওড়িশাৰ স্বাস্থ্যমন্ত্রী নৱকিশোৰ দাসক লক্ষ্য কৰি এক আৰক্ষী বিষয়াই গুলীচালনা কৰে৷ দুটাকৈ গুলী নিক্ষেপ কৰা হয় স্বাস্থ্যমন্ত্রী নৱকিশোৰৰ বুকুলৈ লক্ষ্য কৰি৷ গুলীবিদ্ধ মন্ত্রীগৰাকীক ততাতৈয়াকৈ নিকটৱর্তী এখন হাস্পতালত ভর্তি কৰা হয়৷ ইয়াৰ পাছতে উন্নত চিকিৎসাৰ বাবে বিমানেৰে ভুবনেশ্বৰৰ এখন হাস্পতাললৈ প্রেৰণ কৰা হয় মন্ত্রীগৰাকীক৷ কিন্তু হাস্পতালত চিকিৎসকৰ সকলো চেষ্টা সত্ত্বেও সন্ধিয়া শেষ নিশ্বাস ত্যাগ কৰে মন্ত্রী নৱকিশোৰ দাসে৷ হাস্পতালৰ তৰফৰ পৰা এক বিবৃতিত উল্লেখ কৰা হৈছে যে জৰুৰী চিকিৎসাৰ বাবে আইচিইউত ভর্তি কৰা হৈছিল মন্ত্রীগৰাকীক৷ কিন্তু চিকিৎসকৰ সকলো চেষ্টা ব্যর্থ হয়৷ মন্ত্রীগৰাকীৰ বুকুত গুলী লগাৰ ফলত হূদযন্ত্র ক্রমাৎ বিকল হৈ আহিছিল বুলিও হাস্পতালখনৰ সূত্রই প্রকাশ কৰিছে৷ উল্লেখনীয় যে ব্রজৰাজনগৰৰ গান্ধী চ’কত এক অনুষ্ঠানত যোগ দিবলৈ আহিছিল মন্ত্রীগৰাকীয়ে৷ এই অনুষ্ঠানত যোগ দিয়াৰ বাবে গাড়ীৰ পৰা নামিবলৈ লওঁতে মন্ত্রীগৰাকীক লক্ষ্য কৰি গুলীচালনা কৰে অভিযুক্ত এএছআই গোপাল দাসে৷ তাৎক্ষণিকভাৱে অভিযুক্ত আৰক্ষী বিষয়াগৰাকীক গ্রেপ্তাৰ কৰা হয়৷ ইফালে অভিযুক্তৰ পত্নীয়ে দাবী কৰা অনুসৰি মানসিকভাৱে অসুস্থ আছিল তেওঁৰ স্বামী৷ এএছআই গোপাল দাসৰ পত্নী জয়ন্তী দাসে উল্লেখ কৰা অনুসৰি কি কাৰণত তেওঁৰ স্বামীয়ে এনেদৰে মন্ত্রীলৈ গুলীচালনা কৰিলে সেয়া তেওঁৰ বাবে অজ্ঞাত৷ বিগত ৭–৮ বছৰ ধৰি মানসিক অসুস্থতাৰ বাবে চিকিৎসা গ্রহণ কৰি আছিল গোপাল দাসে৷ ইফালে ঘটনাৰ পাছতে ব্রজৰাজনগৰৰ ছাব–ডিভিজনেল আৰক্ষী বিষয়া গুপ্তেশ্বৰে উল্লেখ কৰা অনুসৰি এএছআই গোপাল দাসে হঠাতে ছার্ভিচ ৰিভলভাৰ উলিয়াই মন্ত্রী নৱকিশোৰ দাসক লক্ষ্য কৰি গুলীচালনা কৰে৷ গুলীচালনাৰ লগে লগে গাড়ীৰ কাষতে ঢ়লি পৰে মন্ত্রী নৱকিশোৰ দাস৷ এই ঘটনাক কেন্দ্র কৰি ওড়িশাত সৃষ্টি হৈছে তীব্র চাঞ্চল্য৷ ইফালে ভুবনেশ্বৰৰ হাস্পতালত মুখ্যমন্ত্রী নবীন পাটনায়ক উপস্থিত হোৱাৰ উপৰি এনে নৃশংস হত্যাকাণ্ডৰ ঘটনাৰ মুখ্যমন্ত্রীগৰাকীয়ে গৰিহণাও দিছে৷ এই ঘটনাৰ তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে ৰাজ্যখনৰ আৰক্ষীৰ অপৰাধ শাখাই৷

You might also like