নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰম আর্থিক সংকটত অসম সাহিত্য সভাঃ বঁটা দিবলৈও নাই ধন

নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰী: অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম পূর্ণাংগ অধিৱেশনক লৈ এতিয়া উদুলি–মুদুলি হৈ পৰিছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ মণিকাঞ্চন ক্ষেত্র৷ অধিৱেশনক লৈ মাজতে মাথোঁ এটি দিন বাকী থকাৰ সময়তে চৰম বিত্তীয় সংকটত পৰিছে অসম সাহিত্য সভা৷ আর্থিক সংকট এতিয়া ইমানেই তীব্র হৈছে যে অর্থৰ অভাৱত বঁটা–বাহন দিবলৈও চিন্তাত পৰিবলগীয়া হৈছে সভাৰ কেন্দ্রীয় সমিতি৷   মহানগৰীৰ ভগৱতী প্রসাদ বৰুৱা ভৱনত আয়োজিত এখন সংবাদ মেলত এই কথা সদৰী কৰে সভাপতি ড০ কুলধৰ শইকীয়া আৰু প্রধান সম্পাদক যাদৱ চন্দ্র শর্মাই৷ আর্থিক অনাটনৰ মাজতে অধিৱেশনখন সাফল্যমণ্ডিত কৰিবলৈ যথাসম্ভৱ সকলো প্রচেষ্টা অব্যাহত ৰখা হৈছে বুলি মন্তব্য কৰি সভাপতি ড০ কুলধৰ শইকীয়া কয়– অহা ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্রুৱাৰীলৈকে পাঁচদিনীয়া কার্যসূচীৰে অধিৱেশন অনুষ্ঠিত হ’ব৷ ডিজিটেল সাহিত্য আৰু স্বদেশ স্বাভিমান নামৰ দুটা অনুষ্ঠান এইবাৰ সংযোগ কৰা হৈছে৷ সাহিত্য সভাই ভুগি অহা আর্থিক অনাটনৰ কথা সদৰী কৰি প্রধান সম্পাদক যাদৱ চন্দ্র শর্মাই কয়– অসম সাহিত্য সভা কেৱল অসমৰে নহয়, বিশ্বৰ ভিতৰতে এক বৃহৎ জাতীয় অনুষ্ঠান হোৱাৰ পিছতো আর্থিক অনাটন আঁতৰ হোৱা নাই সাহিত্য সভাৰ পৰা৷ কোনো পক্ষৰ পৰা এপইচাও সাহায্য হিচাপে সভাই পোৱা নাই৷ তেওঁ কয়– অধিৱেশনৰ আদৰণী সমিতিৰ সৈতে হোৱা চুক্তিমর্মে সমিতিখনে কেন্দ্রীয় সমিতিক দহ লাখ টকা অধিৱেশনৰ পূর্বে দিব লাগে৷ কিন্তু বর্তমানলৈকে মাত্র ২.৫ লাখ টকাহে আদৰণী সমিতিৰ পৰা পোৱা গৈছে৷ বাকীখিনি অধিৱেশনৰ সময়ত দিয়া হ’ব বুলি আমাক কথা দিছে আদৰণী সমিতিয়ে৷

উল্লেখ্য যে বিত্তীয় সংকটত পৰা অসম সাহিত্য সভাক উদ্ধাৰৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ইতিমধ্যে ৫০ লাখ টকাৰ এক অনুদান অধিৱেশন সম্পন্ন কৰিবলৈ আদৰণী সমিতিক দিছে৷ প্রধান সম্পাদক শর্মাই কয়– অসম সাহিত্য সভাৰ কাম–কাজ পৰিচালনা কৰিবলৈ চৰকাৰৰ তৰফৰ পৰা এক পুঁজি দিয়া হয় যদিও যোৱা প্রায় দুবছৰ ধৰি সভাই প্রায় ২ কোটি টকা চৰকাৰৰ পৰা পাবলৈ বাকী আছে৷ যোৱা দুবছৰৰ বাকী থকা ধনখিনি মোকলাই দিলেও বহুখিনি কাম কৰিব পৰা হ’লহেঁতেন বুলি তেওঁ লগতে কয়৷ লক্ষণীয় যে দীর্ঘদিন ধৰি অনাদায় দৰমহা দিয়াৰ দাবীত সাহিত্য সভাৰ কর্মচাৰীসকলে এমহীয়া কর্মবিৰতিও পালন কৰিছিল৷ সভাৰ অধীনত থকা ৯টা কার্যালয়ৰ ৪০জন কর্মচাৰীক দৰমহা আদায় দিবলৈও ঋণ ল’বলগীয়া হৈছে বুলিও তেওঁ লগতে কয়৷ এনে পৰিস্থিতিত চৰকাৰৰ সহায় ল’ব লাগিবই বুলি মন্তব্য কৰে প্রধান সম্পাদক শর্মাই৷ অসম সাহিত্য সভাৰ অধিৱেশন নিয়াৰিকৈ সম্পন্ন কৰাৰ ক্ষেত্রতো মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বাদে আন কাৰো পৰাই বিশেষ সঁহাৰি সভাই পোৱা নাই বুলি তেওঁ লগতে কয়৷ অসম সাহিত্য সভাৰ ৰাজনৈতিক ব্যক্তিৰ অংশগ্রহণক লৈ চলি থকা বিতর্ক সন্দর্ভত সাংবাদিকে সোধা প্রশ্ণৰো উত্তৰ দিয়ে প্রধান সম্পাদক যাদৱ চন্দ্র শর্মাই৷ তেওঁ কয়– কেন্দ্রীয় সমিতিয়ে আদৰণী সমিতিৰ সৈতে একেলগে বিস্তৃত কার্যসূচী প্রস্তুত কৰে৷ সাহিত্য সভাৰ সংবিধানৰ ভিত্তিতে সকলো কার্যসূচী গ্রহণ কৰা হৈছে৷ প্রথম মুকলি অধিৱেশনৰ পাছৰ দিনাখন হোৱা দ্বিতীয় অধিৱেশনৰ দিনাখন আদৰণী সমিতিক কার্যসূচী প্রস্তুত কৰাৰ ক্ষেত্রত কিছু শিথিলতা দিয়া হয়৷ তেওঁ কয়– অকল ৰাজনৈতিক ব্যক্তিকেই নহয়, সাহিত্য ক্ষেত্রৰ পুৰোধা ব্যক্তিকো আমন্ত্রণ জনোৱা হৈছে৷ বিশিষ্ট সাহিত্যিক ড০ সাৰণ কুমাৰ লিম্বালেক মুখ্য অতিথি হিচাপে দ্বিতীয় অধিৱেশন অর্থাৎ ৪ ফেব্রুৱাৰীত আমন্ত্রণ জনোৱা হৈছে৷ বিতর্কটো সন্দর্ভত সবিশেষ মন্তব্য প্রকাশ নকৰাকৈয়ে অতি কৌশলতাৰে তেওঁ কয়– অসম সাহিত্য সভা অসমৰ জাতীয় অনুষ্ঠান৷ গতিকে সভাই জাতীয় চৰিত্র কেতিয়াও বিঘ্ণিত হ’বলৈ নিদিয়ে৷ গোটেই মঞ্চখন কোনো ৰাজনৈতিক দল বা সংগঠনক এৰি দিয়া হোৱা নাই৷

উল্লেখ্য যে বিধায়ক শ্বেৰমান আলী আহমেদে অসম সাহিত্য সভাৰ অধিৱেশনক লৈ কৰা এটা মন্তব্য সম্পর্কত সংবাদ মাধ্যমে সোধা প্রশ্ণৰ উত্তৰ দি প্রধান সম্পাদক শর্মাই কয়– অসম সাহিত্য সভাই সকলো জাতি–জনগোষ্ঠীক আদৰি লৈছে৷ বিশেষ ধর্মক লৈ কোনোবাই উচটনি দি বিভেদ নানিবলৈ আমি আহ্বান জনাইছোঁ৷ সভাপতি ড০ কুলধৰ শইকীয়াই কয়– অসম সাহিত্য সভাত প্রত্যেক ব্যক্তিৰে মাত মতাৰ অধিকাৰ আছে৷ গঠনমূলক সমালোচনা সকলোৱে কৰাটো আমি বিচাৰোঁ৷ লক্ষণীয় যে মহানগৰীৰ চচলত থকা অসম সাহিত্য সভাৰ বেদখল হোৱা ৫০ বিঘা মাটি সন্দর্ভতো সাংবাদিকে প্রশ্ণৰ অৱতাৰণা কৰাত প্রধান সম্পাদক শর্মাই কয়– চচলৰ মাটিখিনি অসম সাহিত্য সভাৰেই মাটি, তাত কাৰো দ্বিমত নাই৷ ১৯৯৩ চনত সেইখিনি তদানীন্তন মুখ্যমন্ত্রী হিতেশ্বৰ শইকীয়াই দিছিল৷ মাটিখিনিৰ বর্তমানৰ স্থিতিক লৈ আমি উদ্বেগ প্রকাশ কৰিছোঁ৷ এই সন্দর্ভত অধিৱেশনৰ প্রতিনিধি সভাতো প্রস্তাৱ লৈ আলোচনা কৰা হ’ব৷ প্রতিনিধি সভাই সর্বসন্মতি দিলে পৰৱর্তী সময়ত মাটিখিনি ঘূৰাই অনাৰ বাবে ৰাজ্য চৰকাৰলৈও প্রস্তাৱ প্রেৰণ কৰা হ’ব৷

You might also like