নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাশ্মীৰত বিহাৰৰ ২ শ্রমিকক আক্রমণ জেহাদীৰ, নিহত এজন

নিয়মীয়া বাৰ্তা, ৪ জুন: কাশ্মীৰী পণ্ডিত তথা বিভিন্ন হিন্দু সম্প্রদায়ৰ লোকৰ ওপৰত সন্ত্রাসবাদীয়ে আক্রমণ আৰম্ভ কৰা ঘটনাক লৈ উত্তপ্ত হৈ আছে ভূ–স্বর্গ কাশ্মীৰ৷ শেহতীয়াকৈ ভিন্ন ৰাজ্যৰ শ্রমিকৰ ওপৰত পুনৰ আক্রমণ আৰম্ভ কৰিছে জেহাদীয়ে৷ কালি নিশা বাদগামত সন্ত্রাসবাদীৰ আক্রমণত নিহত হয় এজন শ্রমিক৷ এই আক্রমণৰ ঘটনাত অন্য এজন শ্রমিক গুৰুতৰভাৱে আহত হৈছে৷ দুয়োজন শ্রমিক বিহাৰৰ বাসিন্দা৷ আৰক্ষী সূত্রই প্রকাশ কৰা অনুসৰি বাদগামৰ মগ্রেপোৰাৰ এটা ইটাভাতাত কাম কৰিছিল এই শ্রমিক দুজনে৷ দুয়োজন শ্রমিককে ইটাভাতাত গৈ গুলিয়াই সন্ত্রাসবাদীয়ে৷ উল্লেখনীয় যে এই আক্রমণৰ ঘটনাক দিলখুছ কুমাৰ নামৰ শ্রমিকজন নিহত হয়৷ যোৱা অক্টোবৰ মাহত সন্ত্রাসবাদীৰ গুলিত কাশ্মীৰত নিহত হৈছিল বিহাৰৰ তিনিজন শ্রমিক৷

You might also like