নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত মহকুমা প্ৰশাসনৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে বিশ্ব পৰিবেশ দিবস উদযাপনৰ ব্যাপক প্ৰস্তুতি

নিয়মীয়া বাৰ্তা ৪ জুন: সমগ্ৰ বিশ্বৰ লগতে ঢকুৱাখনাতো মহকুমা প্ৰশাসনৰ উদ্যোগত  ৫ জুন তাৰিখে দিনজোৰা কাৰ্যসূচীৰে বিশ্ব পৰিবেশ দিবসৰ কাৰ্যসূচীৰ কেন্দ্ৰীয় ভাবে উদযাপনৰ ব্যাপক প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ঢকুৱাখনা মহকুমা প্ৰশাসন আৰু প্ৰক্‌তিপ্ৰেমী সংগঠন সমুহৰ লগতে বিভিন্ন দল সংগঠনে ৷ ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি অৰিন্দম বৰুৱাৰ নেত্‌ত্বত মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু  ঢকুৱাখনা পৌৰ সভা , ঢকুৱাখনা মেগামিক্স প্ৰক্‌তি সংঘ , ঢকুৱাখনা উন্নয়ন খণ্ড , অসম বিজ্ঞান সমিতি ঢকুৱাখনা , হোমেন বৰগোোহাঞি ন্যাস ঢকুৱাখনা , লেখিকা সমাৰোহ সমিতি ঢকুৱাখনা আৰু ঢকুৱাখনা মহাবিদ্যালয় এনএছএছ গোটৰ যৌথ সহযোগত কেন্দ্ৰীয় ভাবে উদযাপন কৰিব লগা বিশ্ব পৰিবেশ দিবসৰ কাৰ্যসূচী স্বচ্ছ ভাৰত অভিযানেৰে আৰম্ভ কৰি বিয়লি ঢকুৱাখনা গান্ধী ময়দানত সামৰণি মাৰিব ৷

কাৰ্যসূচী মতে পুৱা ঢকুৱাখনা চাৰিকড়িয়া নদীৰ পাৰত স্বচ্ছ ভাৰত অভিযানেৰে চাফাই অভিযানেৰে বিশ্ব পৰিবেশ দিৱসৰ কাৰ্যসূচী আৰম্ভ কৰি ঢকুৱাখনা পৌৰ সভাৰ অন্তগত ১০ নং ৱাৰ্ডত গছ পুলি ৰোপণ আৰু  ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ৰ চৌহদত গছ পুলি ৰোপণ আদিৰ  অন্তত ঢকুৱাখনা মহাবিদ্যালয়ৰ চৌহদত গছপুলি ৰোপণ কৰি চুটি ডকুমেণ্টেৰী প্ৰদৰ্শনেৰে সকলো দল সংগঠন আৰু মহকুমা প্ৰশাসনৰ উপস্থিতিত এখন সজাগতা সভা অনুস্থিত কৰা হব ৷ বিয়লি ঢকুৱাখনাৰ গান্ধী ময়দানত ডকুমেণ্টেৰী প্ৰদৰ্শনেৰে অন্তিমখন  সজাগতা সভা অনুস্থিত কৰি বিশ্ব পৰিবেশ দিবসৰ দিনজোৰা কাৰ্যসূচী সামৰণি মাৰিব বুলি জানিবলৈ দি সকলো শ্ৰেণীৰ লোকৰে উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি অৰিন্দম বৰুৱাৰ লগতে মহকুমা প্ৰশাসন আৰু প্ৰক্‌তিপ্ৰেমী দল সংগঠন সমুহে ৷

প্ৰেৰক: ৰাজেশ কুমাৰ বুঢ়াগোহাঞি

You might also like