নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এদিনতে দুখন মেচ খেলিব টীম ইণ্ডিয়াই

নিয়মীয়া বাৰ্তা ৪ জুন: আই পি এলৰ পিছত ভাৰতীয় ক্রিকেট দলৰ লক্ষ্য হৈ পৰিছে আই চি চি টি–২০ বিশ্বকাপ আৰু ৱর্ল্ড টেষ্ট চেম্পিয়নশ্বিপ৷ বিশ্বকাপৰ পূর্বে টীম ইণ্ডিয়াই এখন গুৰুত্বপূর্ণ শৃংখলাত অৱতীর্ণ হ’ব৷ একে সময়তে ভাৰতীয় টেষ্ট দলে ইংলেণ্ডত টেষ্ট শৃংখলা জয়ৰ লক্ষ্যৰে অৱতীর্ণ হ’ব৷ জুনৰ শেষৰ ফালে ভাৰতে ইংলেণ্ড ভ্রমণ কৰিব৷ এই সময়তে ভাৰতে একেদিনাই দুখন মেচ খেলিব৷ সেইবাবে ভাৰতে টি–২০ আৰু টেষ্টৰ বাবে দুটা সুকীয়া দল নির্বাচিত কৰিছে৷ দলটোৱে ২৬ আৰু ২৮ জুনত দুখন টি–২০ মেচত অৱতীর্ণ হ’ব৷ সেই সময়ত ভাৰতীয় টেষ্ট দলটোৱে লিচেষ্টাৰ শ্বায়াৰৰ বিপক্ষে এখন চাৰিদিনীয়া অনুশীলন মেচ খেলিব৷ অনুৰূপ ধৰণে টেষ্ট দলটোৱে ইংলেণ্ডৰ বিপক্ষে ১ জুলাইৰ পৰা একমাত্র টেষ্টমেচখনত নামিব আৰু একে সময়তে টি–২০ দলটোৱে ডার্বিশ্বায়াৰৰ বিপক্ষে এখন প্রস্তুতি মেচত অৱতীর্ণ হ’ব৷

উল্লেখ্য যে আই পি এল শেষ হ’লেও ভাৰতীয় দলৰ খেলাৰ কোনো শেষ নাই৷ ৯ জুনৰ পৰাই পুনৰ খেলপথাৰত নামিব খেলুৱৈসকল৷ দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে ঘৰুৱা খেলপথাৰত পাঁচখন টি–২০ মেচৰ শৃংখলাত অৱতীর্ণ হ’ব ভাৰতীয় ক্রিকেট দল৷ ইয়াৰ পিছতে এখন এখনকৈ বিভিন্ন দেশত খেলিবলৈ যাব দলটো৷ ৯ জুনৰ পৰা ৩০ ছেপ্ঢেম্বৰৰ ভিতৰত ৩৮ দিনেই তেওঁলোকে খেলপথাৰত অতিবাহিত কৰিব৷ আগন্তুক ১১৩টা দিনৰ ভিতৰত ভাৰতে খেলিব দক্ষিণ আফ্রিকা, আয়াৰলেণ্ড, ইংলেণ্ড, ৱেষ্ট ইণ্ডিজ, শ্রীলংকা, অষ্ট্রেলিয়াৰ দৰে দলৰ বিৰুদ্ধে৷ ইয়াৰ মাজতে আছে এছিয়া কাপ৷ ৯ জুনৰ পৰা ১৯ জুনলৈ দক্ষিণ আফ্রিকাৰ বিপক্ষে খেলিব টি–২০ শৃংখলা৷ ইয়াৰ পিছত আয়াৰলেণ্ডৰ বিৰুদ্ধে দেশখনত দুখন টি–২০ মেচ খেলিব৷ মেচ দুখন অনুষ্ঠিত হ’ব ২৬ আৰু ২৮ জুনত৷ এই দুখন শৃংখলাৰ পিছত ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে এখন টেষ্ট মেচত অৱতীর্ণ হ’ব৷ ১ জুলাইৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই মেচখনৰ পিছতে ভাৰতে দেশখনৰ বিৰুদ্ধে তিনিখন এদিনীয়া আৰু তিনিখন টি–২০ মেচ খেলিব৷ এই শৃংখলাৰ অন্ত পৰিব ১৭ জুলাইত৷ তাৰ পৰা ভাৰতীয় দলটো ৱেষ্ট ইণ্ডিজলৈ যাব৷ তাত তিনিখন এদিনীয়া আৰু পাঁচখন টি–২০ মেচ খেলিব৷ তদুপৰি শ্রীলংকাত দুখন টি–২০ মেচ খেলাৰ কথাও আছে৷ তাতেই অনুষ্ঠিত হ’ব এছিয়া কাপ৷ এই প্রতিযোগিতা ২৭ আগষ্টৰ পৰা ১৫ দিন চলিব৷ ভাৰতে যদি ফাইনেলত উপনীত হয়, তেনেহ’লে মুঠ ৭খন মেচ খেলিব লাগিব৷ ইয়াৰ পিছতে ভাৰতলৈ অহিব অষ্ট্রেলিয়া৷ তেওঁলোকে ভাৰতৰ বিৰুদ্ধে তিনিখন মেচ খেলিব৷ এপষেক জিৰণিৰ পিছত ২২ অক্টোবৰৰ পৰা টি–২০ বিশ্বকাপ খেলিবলৈ অষ্ট্রেলিয়ালৈ যাব ভাৰত৷

You might also like