নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেন্দ্রীয় চৰকাৰৰ অনুৰোধত টুইটাৰে নিষিদ্ধ কৰিলে পিএফআইসহ ৯ সংগঠনৰ একাউণ্ট

নিয়মীয়া বাৰ্তা, ৩০ছেপ্টেম্বৰঃ বহু বিতর্কিত ইছলাম মৌলবাদ চিন্তাধাৰাৰ সংগঠন পপুলাৰ ফ্রণ্ট অৱ ইণ্ডিয়া, চমুকৈ পিএফআইক কেন্দ্রীয় চৰকাৰে পাঁচ বছৰৰ কাৰণে নিষিদ্ধ ঘোষণা কৰাৰ পাছত আজি টুইটাৰে সংগঠনটোৰ একাউণ্ট নিষিদ্ধ কৰিলে৷ কেন্দ্রীয় চৰকাৰে ছ’চিয়েল মিডিয়া কোম্পানী টুইটাৰক আহ্বান জনোৱাৰ পাছতেই টুইটাৰে আজি বেআইনী সংগঠন পিএফআইৰ একাউণ্টটো নিষিদ্ধ কৰে অর্থাৎ বন্ধ কৰি দিয়ে৷ প্রায় ৮১ হাজাৰ অনুগামী থকা পিএফআইক নিষিদ্ধ কৰাৰ লগতে এই সংগঠনৰ সৈতে জড়িত আন আঠটা সংগঠনৰো টুইটাৰ একাউণ্ট নিষিদ্ধ কৰা হয়৷ নিষিদ্ধ কৰা এই সংগঠনকেইটা হৈছে – অল ইণ্ডিয়া ইমাম কাউঞ্চিল, কেম্পাছ ফ্রণ্ট অৱ ইণ্ডিয়া, ৰেহাব ইণ্ডিয়া ফাউণ্ডেচন, নেচনেল কনফেডাৰেচন অব হিউমেন ৰাইটছ অর্গেনাইজেচন, নেচনেল অ’মেনছ ফ্রণ্ট, জুনিয়ৰ ফ্রণ্ট, এম্পাৱাৰ ইণ্ডিয়া ফাউণ্ডেচন আৰু ৰেহাব ফাউণ্ডেচন কেৰালা৷ ৫ বছৰৰ কাৰণে নিষিদ্ধ ঘোষণা কৰা পিএফআই সন্দর্ভত কেন্দ্রীয় চৰকাৰে জাৰি কৰা অধিসূচনা অনুসৰি পিএফআই আৰু ইয়াৰ সহযোগী অথবা পঞ্জীয়নভুক্ত অথবা আন সংগঠনবোৰ মুকলিভাৱে সামাজিক–র্থনৈতিক– আৰু ৰাজনৈতিক সংগঠন যদিও এই সংগঠনবোৰে সমাজৰ এটা বিশেষ সম্প্রদায়ক মৌলবাদী চিন্তাধাৰা গোপনে প্রচাৰ কৰি আহিছে৷ যিয়ে দেশৰ গণতন্ত্রৰ ধাৰণাটোক বিনষ্ট কৰাৰ লগতে দেশৰ সাংবিধানিক প্রতিষ্ঠানক অসন্মান কৰা বুজায়৷ এনে কাৰণতেই কেন্দ্রীয় চৰকাৰৰ অনুৰোধমর্মে বে–আইনীমূলক কার্যক উচটনি দি সমাজৰ সংহতিৰ লগতে দেশৰ সার্বভৌমত্ব আৰু নিৰাপত্তাৰ প্রতি ভাবুকি কঢ়িয়াই অনা পিএফআইসহ ৯ সংগঠনৰ টুইটাৰ একাউণ্ট আজি কোম্পানীটোৱে নিষিদ্ধ কৰে৷ মন কৰিবলগীয়া যে পিএফআইৰ প্রতিষ্ঠাপক সদস্য হিচাপে নিষিদ্ধঘোষিত ছিমি আৰু জেএমবিৰ সদস্য জড়িত আছে৷ পিএফআইৰ আন্তর্জাতিক সন্ত্রাসবাদী সংগঠন আইছিছৰ সৈতেও সম্পর্ক থকাৰ অনেক তথ্য আছে৷

You might also like