নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূর্ণ ৰায়ঃ বিবাহিত অথবা অবিবাহিত সকলো মহিলাই পাব গর্ভপাতৰ অধিকাৰ

গর্ভধাৰণৰ ২৪ সপ্তাহলৈকে সকলো মহিলাই নিৰাপদ গর্ভপাত কৰিব পাৰিব

নিয়মীয়া বাৰ্তা, ৩০ছেপ্টেম্বৰঃ বৈবাহিক স্থিতি নির্বিশেষে সকলো মহিলাক নিৰাপদ আৰু আইনী গর্ভপাতৰ গুৰুত্বপূর্ণ ৰায় দিলে উচ্চতম ন্যায়ালয়ে৷ দেশজুৰি তীব্র বিতর্কিত মহিলাৰ গর্ভপাতক লৈ সর্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়, জে বি পৰডিৱালা আৰু এ এছ বোপান্নাৰ বিচাৰপীঠৰ গুৰুত্বপূর্ণ ৰায়ত বিবাহিত কিম্বা অবিবাহিত বৈবাহিক স্থিতি নির্বিশেষে সকলো মহিলাই গর্ভাৱস্থাৰ ২৪ সপ্তাহলৈকে গর্ভপাত কৰিব পাৰিব৷ মেডিকেল টার্মিনেচন অৱ প্রেগনেঞ্চী (এনটিপি) আইনৰ অধীনত তিনিজনীয়া বিচাৰপীঠে আজি অবিবাহিত তথা একক মহিলায়ো তেওঁলোকৰ গর্ভাৱস্থাৰ ২৪ সপ্তাহলৈকে গর্ভপাতৰ সুবিধা লাভ কৰিব পাৰিব৷ অর্থাৎ সকলো মহিলাৰ ২৪ সপ্তাহলৈকে গর্ভপাত নিৰাপদ আৰু আইনী অনুমোদন জনায় বিচাৰপীঠে৷ বিচাৰপীঠে কয় যে কোনো মহিলাৰ বৈবাহিক স্থিতিত অনিচ্ছা সত্ত্বেও গর্ভধাৰণ কৰাৰ পাছত যদি তেনে মহিলাই কিম্বা বৈবাহিক জীৱন যাপন নকৰাকৈ কোনো মহিলাই গর্ভধাৰণ কৰে, তেতিয়াহ’লে এনে অৱস্থাত মহিলাগৰাকীক দোষাৰোপ কৰিব নোৱাৰি৷ এনে কাৰণতে মহিলাগৰাকীয়ে গর্ভধাৰণৰ ২৪ সপ্তাহলৈকে নিৰাপদ আৰু গর্ভপাতৰ আইনী সুবিধা লাভ কৰিব পাৰিব৷

উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে ২৫ বছৰীয়া অবিবাহিত যুৱতী এগৰাকীৰ আবেদনৰ শুনানি গ্রহণ কৰি এই গুৰুত্বপূর্ণ ৰায় দিছে৷ যুৱতীগৰাকীয়ে তেওঁৰ ২৪ সপ্তাহৰ গর্ভাৱস্থাত গর্ভপাতৰ বাবে আবেদন জনাইছিল৷ কিন্তু দিল্লী উচ্চ ন্যায়ালয়ে যুৱতীগৰাকীৰ এই আবেদনক নাকচ কৰি গর্ভপাতৰ অনুমোদন দিয়া নাছিল৷ দিল্লী উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তক লৈ অসন্তুষ্ট যুৱতীগৰাকীৰ আবেদন উচ্চতম ন্যায়ালয়ে গ্রহণ কৰি ইয়াৰ শুনানিৰ অন্তত আজি দেশৰ সকলো মহিলাৰ গর্ভপাতৰ অধিকাৰক অনুমতি দিয়ে৷ মন কৰিবলগীয়া যে দিল্লী উচ্চ ন্যায়ালয়ত গর্ভপাতৰ আবেদন জনোৱা যুৱতীগৰাকীয়ে স্বেচ্ছাই পুৰুষৰ সৈতে সম্পর্ক কৰি গর্ভধাৰণ কৰিছিল৷ লক্ষণীয় যে গর্ভপাত আইনক লৈ উচ্চতম ন্যায়ালয়ে এই কথাও স্পষ্ট কৰি দিয়ে যে বিবাহিত আৰু অবিবাহিতৰ মাজত ভেদ ভাবেৰে এনে ৰুচিবোধৰ ধাৰণাক বৃদ্ধি কৰে যে কেৱল বিবাহিত মহিলাইহে যৌন সম্পর্ক কৰিব পাৰে৷

You might also like