নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাতত মাৰণাস্ত্ৰ লৈ ফটোৰ বাবে প’জ দিলে দৰা-কইনাই; পিছে ক’ত ?

নগা বিদ্ৰোহীৰ পুত্ৰ দৰা-কইনাই হাতত মাৰণাস্ত্ৰ লৈ উঠা ফটোৱে বৰ্তমান আলোড়নৰ সৃষ্টি কৰিছে । ছ'চিয়েল মিডিয়াটো সৰৱ চৰ্চা । অজ্ঞতা প্ৰকাশ আৰক্ষী প্ৰশাসনৰ ।

নিউজডেস্ক, ১৩ নৱেম্বৰঃ সম্প্ৰতি ছ’চিয়েল মিডিয়াত চৰ্চা লাভ কৰিছে এখন বিশেষ ফটোৱে । এই বিশেষ ফটোখনত নাগালেণ্ডৰ এক বিবাহ অনুষ্ঠানত চ্যুট-পেণ্ট পৰিহিত দৰা আৰু কইনাই হাতত স্বয়ংক্ৰিয় ৰাইফল লৈ ফটোক উঠাক কেন্দ্ৰ কৰিয়ে চৰ্চা লাভ কৰিছে । ইপিনে এই বিয়াখনৰ দৰাজন হৈছে এগৰাকী নগা বিদ্ৰোহীৰ পুত্ৰ । নগা চুক্তি সপন্ন হোৱাৰ ক্ষণ গণি থকাৰ সময়তে নগা বিদ্ৰোহীৰ পুত্ৰই দৰাৰ সাজত এ কে-৫৬ আৰু কইনাক এম-১৬ ৰাইফল লৈ আনন্দোল্লাস কৰা ঘটনাই বিতৰ্কৰ সৃষ্টি কৰিছে । আনপিনে এই ফটোক লৈ ছ’চিয়েল মিডিয়াতো আলোড়নৰ সৃষ্টি হৈছে । হাতত এ কে-৫৬ লৈ ফটো উঠা দৰা জন হৈছে নেচনেল ছ’চিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ড ইউনিফিকেচনৰ শীৰ্ষ নেতা ব’হ’তো কিধৰ পুত্ৰ ।

উল্লেখ্য যে যোৱা ৯ নৱেম্বৰত অভ্যৰ্থনা অনুষ্ঠানত দৰা আৰু কইনাই হাতত মাৰণাস্ত্ৰ লোৱা কাৰ্যত অতিথিসকল হতবাক হৈ পৰিছিল বুলি ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰিছে । আনহাতে এই সন্দৰ্ভত নাগালেণ্ড আৰক্ষীৰ মুৰব্বী টি জন লংকুমেৰে অজ্ঞতা প্ৰকাশ কৰি এই বিষয়ে তেওঁ জ্ঞাত নহয় বুলি মন্তব্য কৰিছে ।

You might also like