নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচলৰ সোৱণশিৰি পাহাৰত ভয়াৱহ ভূমিস্খলনঃ বন্ধ এনএইচপিচিৰ নির্মাণ কাম–কাজ

  • সোৱণশিৰি প্রকল্পৰ অস্তিত্বৰ প্রতি চৰম ভাবুকি
  • ভূমিস্খলনত পাহাৰ খহি চিনমোকাম নোহোৱা হ’ল প্রকল্পৰ পথৰ
  • কিছুদিন পূর্বে পাহাৰ খহি বন্ধ হৈছিল প্রকল্পৰ পাৱাৰ হাউছ–১–২নং টানেল
  • উত্তৰ অসমলৈ ভাবুকি কঢ়িয়াই অনা প্রকল্পৰ নির্মাণ বন্ধ কৰাৰ দাবী আছু, যুৱ–ছাত্র, কৃষক মুক্তিৰ

 

নিয়মীয়া বাৰ্তা, ১১অক্টোবৰ: উত্তৰ অসমৰ ৰাইজৰ টোপনি হৰিছে এন এইচ পি চিয়ে৷ দিনকদিনে বৃদ্ধি পাইছে ভূমিস্খলন৷ আজি পুনৰ গেৰুকামুখ পাহাৰৰ বৃহৎ অংশ ভূমিস্খলনৰ ফলত খহি পৰি নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ প্রতিয়েই ভাবুকিৰ সৃষ্টি কৰিছে৷ যোৱা চাৰি দিন ধৰি অৰুণাচলত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত আজি পুৱাৰে পৰা প্রবল ভূমিস্খলন হোৱাত হোৰাহোৰে খহিব ধৰে সোৱণশিৰি পাহাৰ৷ এই ভূমিস্খলনৰ ফলত গুৰুতৰ বিপদ নামি আহিছে গেৰুকামুখস্থিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পটোৰ প্রতি৷ ভূমিস্খলনত প্রকল্পটোৰ শ্রমিকসকল অসমৰ দিশে অহা–যোৱা কৰা পথটো পাহাৰ খহি চিনমোকাম নাইকিয়া কৰে৷ উল্লেখ্য যে মাত্র কিছুদিন পূর্বে প্রকল্পটোৰ ২নং টানেল আৰু ১নং টানেলৰ সন্মুুখত পাহাৰ খহি পৰাত দুয়োটা টানেল সম্পূর্ণৰূপে বন্ধ হৈ পৰিছিল৷ আনহাতে প্রকল্পটোৰ পাৱাৰ হাউছৰ বৃহৎ অংশ ভাগি পৰাৰ ফলতো তীব্র আতংকৰ সৃষ্টি হৈছিল৷ চলিত বর্ষত প্রাকৃতিক দুর্যোগৰ ফলত বহু বিতর্কিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পটোৰ অস্তিত্বৰ প্রতিয়েই এতিয়া ভাবুকি সৃষ্টি হৈছে৷ উল্লেখ্য যে অসম–ৰুণাচল সীমান্তৱর্তী ধেমাজি জিলাৰ গেৰুকামুখত এন এইচ পি চিয়ে নির্মাণ কৰি থকা ২,০০০ মেগাৱাট ক্ষমতাসম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ নির্মাণকার্য যিমানেই ক্ষিপ্র গতিত আগবাঢ়িছে, সিমানেই প্রকল্পটোৰ নামনিৰ লখিমপুৰ, ধেমাজি, মাজুলী জিলাবাসী ৰাইজৰ মাজত ভয় আৰু আতংকত দিন অতিবাহিত কৰিবলগীয়া হৈছে৷ প্রকল্পটোক লৈ সৃষ্টি হোৱা এনে আতংকজনক পৰিস্থিতিত ধেমাজি জিলা ছাত্র সন্থাৰ সভাপতি দীপক শর্মা, ঋতুপর্ণ কোচ, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ সহকাৰী সম্পাদক ৰাতুল বৰগোহাঁই, ধেমাজি জিলা কৃষক মুক্তি সংগ্রাম সমিতিৰ সম্পাদক দুর্গা বৰাই এই প্রকল্পটো ‘জলবোমা’ হিচাপে অভিহিত কৰি এই প্রকল্পই উত্তৰ অসমক মৃত্যু উপত্যকাত পৰিণত কৰিব বুলি মন্তব্য প্রকাশ কৰিছে৷ সোৱণশিৰিৰ মূল বান্ধৰ ভয়ংকৰ ৰূপ আৰু প্রবল ভূমিস্খলনৰ ফলত সোৱণশিৰিৰ ভেটা দিয়া বলিয়া বানত নামনি অংশ উটি যাবলৈ মাত্র ১০ মিনিট লাগিব বুলি উল্লেখ কৰি সময় থাকোঁতেই উক্ত প্রকল্পটোৰ নির্মাণৰ কাম–কাজ বন্ধ ৰাখিবলৈ দাবী জনায় দল–সংগঠনসমূহ নেতৃবৃন্দই৷ উল্লেখ্য যে ভূমিস্খলনৰ ফলত ইতিমধ্যে প্রকল্পটোৰ কাম–কাজ পুনৰ বন্ধ হৈ পৰিছে৷ প্রকল্পটোৰ নির্মাণ ইতিমধ্যে প্রায় ৯০ শতাংশ সম্পূর্ণ হ’ল যদিও প্রকল্পটো সম্পূর্ণৰূপে সুৰক্ষিত কৰিব পৰা নাই প্রকল্প নির্মাণকাৰী সংস্থা এন এইচ পি চিয়ে৷ অৰুণাচল পাহাৰত হৈ থকা মুষলধাৰ বৰষুণ ফলত ভূমিস্খলন হৈ পাহাৰ খহনীয়া সৃষ্টি হোৱাৰ লগতে শক্তিগৃহৰ প্রকল্পৰ সকলো কাম–কাজ বন্ধ হৈ পৰিছে৷ ইফালে অসমৰ বিভিন্ন দল–সংগঠনৰ প্রবল প্রতিবাদকো আওকাণ কৰি বিশেষজ্ঞ সমিতিৰ প্রতিবেদনক বুঢ়া আঙুলি দেখুৱাই নির্মাণকার্য অব্যাহত ৰখা বহু বিতর্কিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ নির্মাণকার্য ইতিমধ্যে ৯০ শতাংশ সম্পূর্ণ হৈ মাত্র ছমাহৰ পাছত দুটা ইউনিটৰ অর্থাৎ ৫০০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ কাম আৰম্ভ কৰাৰ লক্ষ্যৰে অগ্রসৰ হোৱা এন এইচ পি চিক এই বিপজ্জনক নদীবান্ধটোৰ নির্মাণ বন্ধ ৰখাৰ দাবী জনাইছে সদৌ ধেমাজি জিলা ছাত্র সন্থা, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ, ধেমাজি জিলা কৃষক মুক্তি সংগ্রাম সমিতিয়ে৷ সদৌ অসম ছাত্র সন্থাই অহা ১৫ অক্টোবৰত বৃহৎ নদীবান্ধৰ বিৰুদ্ধে তীব্র প্রতিবাদী কার্যসূচী গ্রহণ কৰিছে বুলি জানিবলৈ পৰা গৈছে৷

You might also like