ব্রিটেইনৰ স্বাস্থ্যমন্ত্রী নাডাইন ড’ৰিছ ক’ৰোনাত আক্রান্ত
নিয়মীয়া বাৰ্তা, ১২ মার্চঃ মাৰাত্মক ক’ৰোনা ভাইৰাছ বা ক’ভিড–১৯ৰ দ্বাৰা আক্রান্ত হৈছে ব্রিটেইনৰ স্বাস্থ্যমন্ত্রী নাডাইন ড’ৰিছ ৷ এক বিবৃতিত মঙলবাৰে মন্ত্রীগৰাকীয়ে স্বাস্থ্য পৰীক্ষাত ক’ৰোনাৰ দ্বাৰা আক্রান্ত হোৱাৰ তথ্য পোহৰলৈ অহা বুলি উল্লেখ কৰিছে ৷ ক’ৰোনাৰ দ্বাৰা সংক্রমিত হোৱাৰ পিছতে নিজ ঘৰতে অকলে থাকিবলৈ লৈছে মন্ত্রীগৰাকীয়ে ৷ স্মর্তব্য যে ক’ৰোনা ভাইৰাছ সন্দর্ভত এক ঘোষণা–পত্রত স্বাক্ষৰ কৰাৰ সময়তে অসুস্থ হৈ পৰে মন্ত্রীগৰাকী ৷ মন্ত্রীগৰাকী মাৰাত্মক ভাইৰাছবিধৰ দ্বাৰা আক্রান্ত হোৱাৰ পিছতে স্বাস্থ্য বিষয়াসকলে চিকিৎসা আৰম্ভ কৰিছে ৷ স্মর্তব্য যে ব্রিটেইনত এই ক’ৰোনা ভাইৰাছত আক্রান্ত হৈ ছগৰাকী লোকৰ মৃত্যু হোৱাৰ উপৰি ৩৭০গৰাকীতকৈ অধিক লোক অসুস্থ হৈ পৰিছে ৷