নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মধুমেহ ৰোগীৰ কাৰণে কৃত্রিম অগ্নাশয়ৰ সফল পৰীক্ষণ

  •  কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ গৱেষকৰ দলৰ কৃত্রিম অগ্নাশয়ৰ সফল পৰীক্ষণ সম্পন্ন
  • নেচাৰ মেডিচিন জার্নেলত প্রকাশিত গৱেষণাৰ প্রতিবেদন

নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰী: বিশ্বজুৰি মধুমেহ ৰোগীৰ সংখ্যা বর্ধিত হোৱাটোৱে চিকিৎসা ক্ষেত্রত উদ্বিগ্ণতাৰ বিষয় হৈ উঠিছে৷ এনে সময়তে মধুমেহ ৰোগীৰ চিকিৎসাৰ কাৰণে কৃত্রিম অগ্নাশয়ৰ সফল পৰীক্ষণৰ সুখবৰ প্রকাশ পাইছে৷ কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ গৱেষকৰ দল এটাই কৃত্রিম অগ্নাশয়ৰ দ্বাৰা মধুমেহ ৰোগীৰ চিকিৎসা চলাই ব্লাড ছুগাৰৰ পর্যায়ৰ ভাৰসাম্যতা বর্তাই ৰাখিবলৈ সক্ষম হৈছে৷ কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ ৱেলকাম–এমআৰচি ইনষ্টিটিউট অৱ মেটাবলিক্স ছায়েন্সৰ গৱেষকৰ দলে কৃত্রিম অগ্নাশয় বিকশিত কৰি এই কৃত্রিম অগ্নাশয়টো মধুমেহ ৰোগীৰ দেহত পৰীক্ষণ চলায়৷ গ্লুক’জৰ পর্যায় সঠিক হিচাপে বর্তাই ৰাখিবলৈ সক্ষম হোৱা এই কৃত্রিম অগ্নাশয়টো এপ হিচাপে ব্যৱহাৰ কৰা হৈছে৷ এপটোৰ নাম হৈছে কেমএপছ এইচএক্স৷ ইয়াক মধুমেহ ৰোগীৰ দেহত পিন্ধাই ৰাখি ব্লাড ছুগাৰ লেভেল নিয়ন্ত্রিত কৰিব পাৰি৷ ইনছুলিনৰ দ্বাৰা মধুমেহ ৰোগীয়ে সম্প্রতি ব্লাড ছুগাৰ লেভেল নিয়ন্ত্রণত ৰাখি চিকিৎসা চলাই আছে যদিও ই ৰোগীজনৰ বাবে জটিলতাৰ সৃষ্টি কৰে৷

ইয়াৰ পৰিপ্রেক্ষিতত কৃত্রিম অগ্নাশয়ৰ ব্যৱহাৰেৰে ৰোগীজনে নিৰাপদ আৰু সক্রিয় হৈ থাকিব পাৰিব৷ এই কৃত্রিম অগ্নাশয়ৰ প্রযুক্তি অতি সৰল আৰু ইয়াক সহজতে ঘৰতে ব্যৱহাৰ কৰিব পাৰি৷ নেচাৰ মেডিচিন নামৰ জার্নেলত প্রকাশিত গৱেষণাৰ প্রতিবেদন অনুসৰি মধুমেহ ৰোগীৰ ভিতৰত ২৬জনৰ দেহত এই কৃত্রিম অগ্ণাশয় ব্যৱহাৰ কৰি পৰীক্ষণ চলোৱা হৈছিল৷ আঠ মাহৰ কাৰণে কৃত্রিম অগ্ণাশয় ব্যৱহাৰ কৰি পৰীক্ষা চলোৱাত গৱেষকৰ দলটোৱে ব্লাড ছুগাৰ লেভেল সম্পূর্ণ নিয়ন্ত্রণত থকাটো প্রমাণ পায়৷ কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ গৱেষকৰ দলে কৃত্রিম অগ্ণাশয়ৰ দ্বাৰা মধুমেহ ৰোগীৰ চিকিৎসাত সফল পৰীক্ষণ সম্পন্ন কৰাৰ পাছত এই কৃত্রিম অগ্নাশয় অধিক বিকশিত কৰি ৰোগীৰ বাবে বজাৰত শীঘ্রে উলিয়াই দিয়াৰ সম্ভাৱনা আছে৷

You might also like