নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জলবায়ু পৰিৱৰ্তনক লৈ পাঠ্যক্ৰম বিচাৰিছে হাৰিয়ানাই

নিউজ ডেস্ক,১৮ নৱেম্বৰঃ কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ক হাৰিয়ানা চৰকাৰে জলবায়ু পৰিৱৰ্তন, ধাৰণক্ষমতা আদিৰ ওপৰত সজাগতা আনিবলৈ এইবোৰ বিষয় লৈ বিদ্যালয়ৰ পাঠ্যপুথিত নতুন অধ্যায়ৰ সংযোজন ঘটাবলৈ আহ্বান জনাইছে । হাৰিয়ানাৰ উপ-মুখ্যমন্ত্ৰী দুষ্যন্ত চৌতালাই এই সন্দৰ্ভত লিখিত অনুৰোধ জনাইছে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ড০ ৰমেশ পখ্ৰিয়ালক । শেহতীয়াকৈ এক প্ৰেছ বিবৃতিত দুষ্যন্ত চৌতালাই উল্লেখ কৰিছে যে, উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ বাবে এক প্ৰত্যাহ্বান হৈছে জলবায়ু পৰিৱৰ্তন । ইয়াৰ প্ৰতিকূল প্ৰভাৱ পৰিছে দেশৰ নাগৰিকসকলৰ স্বাস্থ্যৰ ওপৰত । গতিকে ইয়াক লৈ সজাগতা সৃষ্টিৰ বাবে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে শিক্ষানীতি সলনি কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে বুলিও নেতাগৰাকীয়ে বিবৃতিটোত উল্লেখ কৰে । অৱশ্যে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে হাৰিয়ানা চৰকাৰৰ এই আহ্বান সন্দৰ্ভত বৰ্তমানলৈকে কোনোধৰণৰ সঁহাৰি প্ৰদৰ্শন কৰা নাই । ৰাজ্যখনৰ এই আহ্বানৰ প্ৰতি মন্ত্ৰী পখ্ৰিয়ালে কেনেধৰণৰ সঁহাৰি দেখুৱায়,সেয়া লক্ষণীয় হ’ব ।

You might also like