নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দামি গাড়ী কিনিলে কপিল শর্মা শ্ব’ৰ অভিনেতা চান্দুৱে

দ্যা কপিল শর্মা শ্ব’ত কমেডিয়ান চৰিত্রত অভিনয় কৰে চন্দন প্রভাকৰে ওৰফে চান্দুৱে।
তেওঁ কপিল শর্মা শ্ব কৰাৰ পূৰ্বেও টিভিৰ বিভিন্ন কমেডিয়ান শ্বত অংশগ্রহণ কৰিছিল। তেওঁ পাঞ্জাবি ছবিতো অভিনয় কৰিছে। অৱশ্যে আজি তেওঁৰ বিলাসবহুল জীৱনযাপনক লৈহে আলোচনা কৰিম।

চন্দন প্রভাকৰে যথেষ্ট বিলাসবহুল জীৱনযাপন কৰে। সম্প্রতি তেওঁ এখন Xuv700 গাড়ী ক্ৰয় কৰিছে। নীলা ৰঙৰ গাড়ীখনৰ সৈতে ছ’চিয়েল মিডিয়াত তেওঁ নিজে এখন ছবি চেয়াৰ কৰিছে।

অভিনেতাগৰাকীৰ নতুন গাড়ীখনৰ বাদেও গেৰেজত একাধিক বিলাসবহুল বাহন আছে। তাৰ মাজত আছে BMW3 চিৰিজৰ 320d ৰ দৰে বহুকিছু বিলাসবহুল গাড়ী।

You might also like