নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘বাপ্পীদা’য়ে যোৱা ধনতেৰচত কি কিনিছিল জানি আচৰিত হ’ব

সংগীত জগতৰ আৰু এটি নক্ষত্র খহি পৰিল। কালি নিশা মৃত্যু হয় শিল্পী বাপ্পী লাহিড়ীৰ। ‘বাপ্পীদা’মানেই সোণেৰে আৱৰি থকা মানুহজন। পুৰুষেও যে সোণৰ অলংকাৰেৰে সাজিব পাৰে ভাৰতীয় তাৰকাসকলৰ মাজত সেই ট্রেণ্ড সম্ভৱতঃ তেঁৱেই আৰম্ভ কৰিছিল। বলীউডৰ‘গোল্ড মেন’।

প্রতি বছৰে ধনতেৰছত বাপ্পীদায়ে কি কিনিব সেয়া জনাৰ বৰ আগ্ৰহ আছিল অনুৰাগীৰ। যোৱা ধনতেৰছত বাপ্পী লাহিড়ীয়ে কি কিনিছিল জানেনে? শুনি আচৰিত হ’ব যে যোৱা বছৰ ধনতেৰছত আৰু সোণৰ অলংকাৰ কিনা নাছিল তেওঁ। অলংকাৰৰ পৰিৱর্তে সোণৰ কাপ-প্লেটৰ এটি ছেট কিনিছিল। এই সময়তো এনে চখ!বাপ্পী লাহিড়ীক সেই সন্দৰ্ভত সোধাত তেওঁ কৈছিল যে বহুদিনীয়া ইচ্ছা আছিল সোণৰ কাপ-প্লেটত চাহ খোৱা, এইবাৰ সেই চখ পূৰ্ণ হ’ল।

You might also like