নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিআইএল খাৰিজ উচ্চতম ন্যায়ালয়ৰ; ৰাফেল চুক্তিৰ পুনৰ তদন্তৰ দাবী

নিয়মীয়া বাৰ্তা, ৩০ আগষ্ট: বহু চর্চিত ৰাফেল চুক্তিৰ পুনৰ তদন্তৰ দাবীত জনোৱা পি আই এল এখন আজি খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে৷ ৰাফেল যুদ্ধবিমান ক্রয়ৰ ভাৰত আৰু ফ্রান্সৰ মাজত হোৱা এই চুক্তিত অনিয়ম হোৱা বুলি বিৰোধীয়ে জনোৱা অভিযোগ ইতিমধ্যে উচ্চতম ন্যায়ালয়ে খাৰিজ কৰি মোদী চৰকাৰক ৩৬ ৰাফেল যুদ্ধবিমান চুক্তি ক্লীনচিট দিছে৷ এই ৰায়ক লৈ অসন্তুষ্ট অধিবক্তা এম এল শর্মাই ৰাফেল চুক্তি পুনৰ তদন্তৰ বাবে পি আই এল দাখিল কৰে৷ উচ্চতম ন্যায়ালয়ত দাখিল কৰা এই পি আই এল আজি মুখ্য ন্যায়াধীশ ইউ ইউ ললিত আৰু ন্যায়াধীশ এছ ৰবীন্দ্র ভাটৰ বিচাৰপীঠে খাৰিজ কৰে৷ উল্লেখ্য যে ২০১৮ চনৰ ১৪ ডিচেম্বৰতো এনে এখন আবেদন সর্বোচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে খাৰিজ কৰিছে৷

You might also like