নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উলংগ আলোকচিত্র: ৰণবীৰ সিঙৰ স্বীকাৰোক্তি লিপিবদ্ধ মুম্বাই আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ৩০ আগষ্ট: বলীউডৰ তাৰকা ৰণবীৰ সিঙৰ উলংগ আলোকচিত্রক লৈ দেশজুৰি তীব্র প্রতিক্রিয়া হোৱাৰ পিছতেই তথ্য–প্রযুক্তি আইনৰ অধীনৰ ৫০৯ আৰু ৬৭(ক), ভাৰতীয় দণ্ডবিধিৰ ধাৰা ২৯২, ২৯৪ত গোচৰ ৰুজু কৰে চেম্বুৰ আৰক্ষী থানাত৷ মহিলাৰ মর্যাদাক ইতিকিং আৰু সংবেদনশীলতাক আঘাত কৰাৰ কাৰণে চেম্বুৰ আৰক্ষী থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত বাজীৰাও মস্তানীখ্যাত অভিনেতা ৰণবীৰ সিঙক আজি আৰক্ষীয়ে পুৱা ৭ বজাৰ পৰা ৯ বজালৈকে দুঘণ্টা ধৰি এই আলোকচিত্রক লৈ স্বীকাৰোক্তি লয়৷ চেম্বুৰ আৰক্ষী থানাৰ আৰক্ষীয়ে অভিনেতা সিঙৰ স্বীকাৰোক্তি লিপিবদ্ধ কৰাৰ পিছত তেওঁক ঘৰলৈ যাবলৈ দিয়ে৷ তথ্যমতে আৰক্ষী থানাৰ তদন্তকাৰী বিষয়াই অভিনেতাগৰাকীক পুনৰ থানলৈ আহিবলৈ নির্দেশ দিছে৷ মন কৰিবলগীয়া যে জুলাই মাহত পেপাৰ মেগাজিনত অভিনেতাগৰাকীয়ে উলংগ হৈ প’জ দিয়া আলোকচিত্র প্রকাশ পাইছিল৷ ইয়াকে লৈ দেশজুৰি তীব্র প্রতিক্রিয়া হোৱাৰ লগতে ৰাষ্ট্রীয় মহিলা আয়োগেও অসন্তুষ্টি প্রকাশ কৰিছিল৷

You might also like