নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ ধনকুবেৰৰ তালিকাত আদানিৰ স্থান তৃতীয়লৈ অৱনমিত

নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰ: পুনৰ বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত তৃতীয় স্থানলৈ অৱনমিত হৈছে ভাৰতৰ ধনকুবেৰ গৌতম আদানি৷ আমাজানৰ প্রতিষ্ঠাতা জেফ বেজ’ছে আদানিক অতিক্রম কৰি পুনৰ দ্বিতীয় স্থান লাভ কৰিছে৷ ব্লুমবার্গ বিলিয়নেয়ার্ছ ইনডেক্সে আজি প্রকাশ কৰা প্রতিবেদন অনুসৰি জেফ বেজ’ছে আদানিক অতিক্রম কৰি দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে৷ এই তালিকাত আদানিৰ স্থান এতিয়া তৃতীয়৷ ইফালে, ভাৰতৰ অন্য এগৰাকী ধনকুবেৰ মুকেশ আম্বানি বিশ্বৰ অতি ধনৱানৰ তালিকাৰ প্রথম ১০টা স্থানৰ পৰা পিছুৱাইছে৷ ৰিলায়েন্সৰ মুৰব্বী আম্বানিৰ স্থান হৈছে ১১৷ ব্লুমবার্গৰ হিচাপ অনুসৰি এই মুর্হূতত আদানিৰ মুঠ সম্পত্তিৰ পৰিমাণ ১৩৫ বিলিয়ন মার্কিন ডলাৰ৷ অর্থাৎ ভাৰতীয় মুদ্রাৰ হিচাপত ১০.৯৮ লাখ কোটি টকা৷

You might also like